Breaking News

নেপালত ভয়ংকৰ বিমান দুৰ্ঘটনা! ৩২ জন নিহত। বিমানত আছিল ৫ ভাৰতীয়



আজি ৰাতিপুৱা ৰাজধানী কাঠমাণ্ডুৰ পৰা প্ৰায় ৭২ জন লোকক কঢ়িয়াই অনা এখন বিমান পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাৰ ফলত প্ৰা ৩২ জন লোকৰ মৃত্যু হয় বুলি কেইবাখনো প্ৰতিবেদনত প্ৰকাশ পাইছে।  নেপাল সেনাৰ এজন মুখপাত্ৰই কয় যে ধ্বংসাৱশেষৰ পৰা এতিয়ালৈকে ১৬ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। পশ্চিম নেপালত অৱস্থিত চহৰখনৰ পুৰণি আৰু নতুন বিমানবন্দৰৰ মাজত দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত ৬৮ জন যাত্ৰী আৰু চাৰিজন কৰ্মচাৰী আছিল। 

ইয়েটি এয়াৰলাইনছৰ মুখপাত্ৰ সুদৰ্শন বাৰ্তাউলাই কয়, "২ টা নৱজাতকসহ ১০ জন বিদেশী নাগৰিক বিমানত আছিল। সংবাদ সংস্থা এএনআইয়ে বিমানবন্দৰ কৰ্তৃপক্ষৰ উদ্ধৃতিদি কয় যে ৫৩ জন নেপালী, ৫ জন ভাৰতীয়, ৪ জন ৰাছিয়ান, এজন আইৰিছ, ২ জন কোৰিয়ান, ১ জন আৰ্জেন্টিনাৰ আৰু এজন ফৰাচী নাগৰিক বিমানখনত আছিল।

নেপালৰ অসামৰিক বিমান পৰিবহন কৰ্তৃপক্ষই (চিএএএন) জনোৱা অনুসৰি, বিমানখনে পুৱা ১০:৩৩ বজাত কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিছিল।

বিমানখন পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ  পূৰ্বে চেতি নদীৰ পাৰত থকা নদীৰ খাদত খুন্দা মাৰিছিল। উৰণৰ প্ৰায়  ২০ মিনিট পিছত দুৰ্ঘটনাটো সংঘটিত হৈছিল।  দুয়োখন চহৰৰ মাজত উৰণৰ সময় ২৫ মিনিট।

কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুওৱালোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে। 

No comments