Breaking News

উড়ান আঁচনিয়ে নতুন ৰূপ দিছে উত্তৰ-পূবৰ পৰ্যটনক

 


ডিজিটেল ডেস্ক: কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ৰাজ্যত ঘৰুৱা বিমান সংযোগ টনকিয়াল কৰাৰ বাবে ২০১৬ চনত মুকলি কৰিছিল উড়ে দেশ কা আম নাগৰিক চমুকৈ উড়ান আঁচনি । মুকলিৰ প্ৰথম ৫ টা বছৰত সংযোজন হ’ল ৪৫৭ টা স্থানীয় গতিপথ ।  এই আঁচনিৰ অধীনতে দেশৰ বিমান বন্দৰসমূহক নতুন ৰূপ দিয়াৰ বাবে প্রায় ৪,৫০০ কোটি টকা ধার্য কৰা হয় । দেশৰ পৰ্যটন খণ্ডটো আগুৱাই নিয়াৰ বাবে গ্ৰহণ কৰা উড়ান আঁচনি সন্দৰ্ভত কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্রী জ্যোতিৰাদিতা সিন্ধিয়াই কয় যে অসামৰিক বিমান খণ্ড আৰু পৰ্যটন হৈছে একেটা মুদ্ৰাৰ ইপিঠি - সিপিঠি । পর্যটন খণ্ডটোৰ বাবে অসামৰিক বিমান পৰিবহণ ব্যবস্থাৰ  নতুন ৰূপ দিয়াটো অতিকে প্রয়োজনীয় । উত্তৰ- পূর্বাঞ্চলত বিমান সংযোগ ব্যৱস্থা সন্দৰ্ভত মন্ত্রীগৰাকীয়ে কয় যে শেহতীয়াকৈ উড়ান আঁচনিয়ে অঞ্চলটোত বিমান পৰিবহণ ব্যৱস্থাক নতুন গতি দিছে । ২০১৪ চনলৈকে উত্তৰ - পূৰ্বাঞ্চলত কেৱল ৯ টা বিমান বন্দৰহে কার্যক্ষম হৈ আছিল । কিন্তু এতিয়া এই সংখ্যা ১৬ টালৈ বৃদ্ধি পালে । উত্তৰ - পূবৰ দুখন ৰাজ্য অৰুণাচল প্রদেশ আৰু ছিকিমত এটাও বিমান বন্দৰ নাছিল । এতিয়া অৰুণাচল প্রদেশতে বিমান বন্দৰৰ সংখ্যা ৩ টালৈ বৃদ্ধি পালে । মন্ত্ৰীগৰাকীয়ে  কয় যে ২০১৪ চনত উত্তৰ - পূৰ্বাঞ্চলত প্রতি সপ্তাহত প্রায় ১,০১৪ খন বিমান চলাচল কৰিছে । এতিয়া এই সংখ্যা ১৯১১ খনলৈ বৃদ্ধি পালে । উত্তৰ - পূৰ্বাঞ্চলৰ পৰ্যটনৰ বাবে ই শুভ লক্ষণ বুলি তেওঁ কয় । আঞ্চলিক বিমান সংযোগ প্রক্রিয়া ত্বৰান্বিত হ'লেহে উত্তৰ - পূবৰ পর্যটন খণ্ডৰ বিকাশ সাধন হ'ব বুলি মন্তব্য কৰি তেওঁ কয় যে উড়ান আঁচনিৰ অধীনত উত্তৰ - পূৰ্বাঞ্চলৰ প্ৰায়বোৰ চহৰক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে । বিমান বন্দৰৰ আধুনিকীকৰণৰ বাবে যথেষ্ট হাৰত পুঁজি মোকলাই দিছে কেন্দ্রীয় অসামৰিক বিমান পৰিবহণ মন্ত্র্যালয়ে । অহা ২০২৫ চনৰ ভিতৰত উত্তৰ - পূবত আঞ্চলিক বিমান সংযোগৰ পৰিসৰ বৃদ্ধি কৰাৰ বাবে মন্ত্রালয়ে বিমান চলাচলৰ হাৰ বৃদ্ধি কৰিব ।

No comments