Breaking News

শদিয়াত অইলৰ সৰ্বাধিক গভীৰ খনন কাৰ্যত অঘটন


ডিজিটেল ডেস্ক: 
তিনিচুকীয়া জিলাৰ শদিয়া মহকুমাত পোন প্ৰথমবাৰৰ বাবে তেল আৰু গেছৰ সন্ধানত  চলোৱা খনন কাৰ্যত গেছ সদৃশ তৰল পদাৰ্থৰ ভয়ংকৰ নির্গমণ সংঘটিত হৈছে।অইলৰ ইতিহাসত  সৰ্বাধিক গভীৰ খননকার্য চলি থকা শদিয়াৰ পহুমৰা গাঁৱৰ এছ ৱাই ডি এ তৈলক্ষেত্ৰত যোৱা ২৫ জানুৱাৰীৰ পৰা গেছ সদৃশ তৰল পদাৰ্থৰ নিৰ্গমণ হৈ এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। ২০২০ বৰ্ষৰ ২৭ মে'ত বাঘজানৰ বি জি আৰ ৫নং খাদত সংঘটিত ভয়াৱহ ব্ল' আউটৰ ঘটনাই সমগ্ৰ বিশ্ব কঁপাই তুলিছিল। এটা সূত্ৰৰ পৰা জানিব পৰা মতে অইলত নিয়োজিত ঠিকা প্রতিষ্ঠান কুইপ্ৰ' ৰিগ-৭ শদিয়াৰ পহুমৰা গাঁৱৰ এছ ৱাই ডি এ তৈলক্ষেত্ৰত খননকার্যত নিয়োজিত হৈ আছে। খনন প্রতিষ্ঠানটোৱে বৰ্তমানলৈকে ৬৪০০ মিটাৰৰ সিংহভাগ অর্থাৎ ৫৮৯২ মিটাৰ খনন সম্পন্ন কৰোঁতেই । ভূগৰ্ভৰ পৰা গেছ সদৃশ তৰল পদাৰ্থৰ নিৰ্গমণ হয়। অৱশ্যে এই ঘটনা, বাঘজানৰ দৰে ঘটনাৰ আৰম্ভণিৰ দৰেই যদিও বি অ' পি স্থাপন হৈ থকাৰ বাবে ভূগৰ্ভৰ পৰা অহা তৰল পদাৰ্থ বাঘজানৰ দৰে পোনে পোনে ওপৰলৈ নাহি মাৰ্ড প্লাণ্টেৰে নিৰ্গমণ ঘটিছে। ইতিমধ্যে অইলৰ বিভাগীয় উচ্চপদস্থ বিষয়াই ঘটনাটো পৰ্যবেক্ষণ কৰাৰ লগতে সমগ্ৰ পৰিস্থিতি - নিয়ন্ত্ৰণৰ ভিতৰত বুলি জনাইছে লগতে ঘটনাস্থলীত অ' এন জি চিৰো । উচ্চপদস্থ বিষয়াই পৰ্যবেক্ষণ কৰি থকা বুলি জানিব পৰা গৈছে। সম্প্রতি ১২০০ পি. এছ আইত গেছৰ নিৰ্গমণ ঘটা উক্ত তৈলক্ষেত্ৰৰ খনন অতি গভীৰ হোৱাৰ বাবে পূর্বে তিনিবাৰকৈ ইষ্টাকাপ হৈছিল যদিও কুইপ্ৰৰ  বিষয়া-কৰ্মচাৰীৰ দক্ষতাত সিংহভাগ খনন সম্পন্ন হোৱা বুলি জানিব  পৰা গৈছে। অইলৰ শীৰ্ষ সূত্ৰই পৰিস্থিতি নিয়ন্ত্ৰণলৈ অহা বুলি দাবী কৰিলেও কৰ্মৰত লোকসকল এতিয়াও চিন্তামুক্ত হোৱা নাই বুলি জানিব পৰা গৈছে। আনহাতে, নির্গমণ হোৱা তৰল পদাৰ্থসমূহ গেছ নে আন - কোনো সামগ্রী তাক লৈয়ো অইল কর্তৃপক্ষ নিশ্চিত হ'ব পৰা নাই।

No comments