Breaking News

হোলোঙাপাৰ গিবন অভয়াৰণ্যত তীব্ৰ বেগী ৰেলৰ খুন্দাত এটা হাতীৰ মৃত্যু হয়।


ডিজিটেল ডেস্ক: 
যোৰহাট জিলাৰ মৰিয়নিৰ মাজেদি পাৰ হোৱা উজনি-নামনি সংযোগ হোৱা ৰে'ল লাইনত সম্প্ৰতি মৃত্যুৰ কালৰূপত পৰিণত হোৱা দেখা গৈছে। তীব্ৰ দ্ৰুতবেগী ৰে'লৰ খুন্দাত মৰিয়নিৰ 'হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ইটোৰ পিছত সিটো বন্য হস্তীৰ মৃত্যু হোৱাৰ ঘটনাই প্ৰকৃতিপ্ৰেমী ৰাইজক উদ্বিগ্ন কৰি তুলিছে।  পুনৰ অন্য এক কৰুণ ঘটনাত এটা হাতীৰ মৃত্যু হয়। যোৱা ২৫ জানুৱাৰীৰ ৰাতি হোলোঙাপাৰ গিবন অভয়াৰণ্যত তীব্ৰ বেগী ৰেলৰ খুন্দাত এটা হাতীৰ মৃত্যু হয়।  সেইদিনা ৰাতি প্ৰায় ১০-৪৫ বজাত ১৫৯৬০ নম্বৰৰ নামনিমুৱা কামৰূপ এক্সপ্ৰেছ ৰে'লখনে অভয়াৰণ্যখনৰ মাজতে বনৰীয়া হাতীৰ পাল এটাক খুন্দা মাৰে। হাতীৰ পালটোৱে সেই সময়ত মৰিয়নি- তিনিচুকীয়া ৰেলপথ পাৰ হ'ব ধৰিছিল। জানিব পৰামতে বাকী হাতীকেইটাই ৰেলপথৰ কিছু ওচৰত অৱস্থান কৰিছিল। ৰে'লখনে পালটোৰ এটা হাতীক খুন্দিয়াই প্রায় ৫০-৬০ মিটাৰ ৰে'ল লাইনৰ ওপৰেৰে চোঁচৰাই নিয়ে। ফলত ঘটনাস্থলীতে হাতীটোৱে কৰুণ মৃত্যুক আকোঁৱালি  লয়। মৃত হাতীটো প্রাপ্তবয়স্ক মতা হাতী  আৰু বয়স আনুমানিক ৭-৮ বছৰ হ'ব বুলি বন বিভাগে জানিবলৈ দিছে। ইফালে, মৰিয়নি-তিনিচুকীয়া ৰেলপথৰ ৰে'লৱে কিল'মিটাৰ নম্বৰ ৩৭৫/২- ৩ৰ মাজত সংঘটিত এই ঘটনাৰ পিছতেই ৰে'লখন ঘটনাস্থলীতে আবদ্ধ হৈ পৰে। মৃত হাতীটো ৰেলপথৰ ওপৰতে পৰি ৰোৱাত দুৰ্ঘটনা সংঘটিত কৰা কামৰূপ এক্সপ্ৰেছ ৰেলখন হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজতে আবদ্ধ হোৱাৰ উপৰি ৰে'লপথটোৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে। একেদৰে হাতীৰ পালটোৱেও ৰে'লপথৰ ওপৰতে অৱস্থান কৰাত ৰে'লপথটো বন্ধ হৈ পৰে। ঘটনাৰ খবৰ পোৱাৰ পিছত বন বিভাগ আৰু ৰে'ল বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ বহু চেষ্টাৰ মূৰত হাতীটো ৰে'লপথৰ পৰা আঁতৰাই নিবলৈ সক্ষম হয়। পিছত প্ৰায় চাৰি ঘণ্টাৰ অন্তত পুৱতি নিশা প্রায় ৩-১৫ মান বজাত ৰেলপথ মুকলি হয় আৰু ৰে'লখনে ঘটনাস্থলীৰ পৰা যাত্ৰা কৰে। দুৰ্ঘটনা সংঘটিত কৰা ৰে'লখনৰ ইঞ্জিনটোৰ নম্বৰ ২০০০২ বুলি ৰেল বিভাগৰ সূত্ৰত প্ৰকাশ। পিছদিনা বন বিভাগে মৃত হাতীটোৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত উক্ত স্থানতে পুতি থোৱাৰ ব্যৱস্থা কৰে। এই শোকাবহ ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৰিয়নিৰ প্ৰকৃতিপ্ৰেমী সংগঠন হোলোঙাপাৰ নেচাৰ্ছ ছ'চাইটিয়ে ৰে'ল বিভাগৰ এনে কার্যক তীব্র গৰিহণা  জনায়।

No comments