Breaking News

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপটক লৈ বিতৰ্ক

 


ডিজিটেল ডেস্ক:দুমাহ পূৰ্বে নতুন দিল্লীত ৬০০ বছৰীয়া আহোম ৰাজত্বৰ অন্যতম মহাবীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী ৩ দিনীয়াকৈ অনুষ্ঠিত কৰি লাচিতৰ বীৰগাথা প্ৰচাৰ-প্ৰসাৰ কৰিছিল ৰাজ্য চৰকাৰে। ৪০০ বছৰীয়া জয়ন্তী পালনেৰে লাচিতৰ শৌর্য-বীর্য তথা গৌৰৱ দেশ তথা বিশ্ববাসীৰ আগত দাঙি ধৰাৰ সময়তে ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ নতুন দিল্লীৰ কেন্দ্রীয় পেৰেডৰ অসমৰ প্রতীক পটত লাচিত বৰফুকনক ভুলকৈ  উপস্থাপন কৰি অপমানিত কৰাৰ অভিযোগ উঠিছে। এইবাৰ গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় পেৰেডত অসমৰ প্ৰতীক পট হিচাপে আছিল।  মহাবীৰ লাচিত বৰফুকন। লাচিত বৰফুকনকে শৰাইঘাট ৰণত এখন  নাওত উঠি হাতত হেংদাং লৈ সন্মুখৰ পৰা নেতৃত্ব দিয়া দেখুওৱা  হৈছে। প্ৰতীক পটত মহাবীৰ লাচিত বৰফুকনৰ লগতে শক্তিপীঠ  কামাখ্যা দেৱালয় আৰু শিৱসাগৰৰ ৰংঘৰ শিৱদৌলৰ ৰেপ্লিকাও ।। আছিল। প্ৰতীক পটৰ প্ৰথম শাৰীত লাচিত বৰফুকনৰ এটা বিশাল মূৰ্তি আৰু হাতত হেংদাং লৈ থকা দেখা গৈছিল। কিন্তু মহাবীৰ জনৰ প্ৰতিমূৰ্তিৰ অৱয়ব আৰু হেংদাংখনক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কিয়নো লাচিতৰ প্ৰতিমূৰ্তিটো বিকৃত কৰা বুলি বিভিন্নজনে  অভিযোগ কৰিছে। লাচিতৰ প্ৰতিমূৰ্তিটো কোনো মংগোলীয় বীৰৰ অৱয়ব হ'ব নোৱাৰে বুলিও বিভিন্ন মত ব্যক্ত কৰিছে। দেশবাসীৰ আগত লাচিত বৰফুকনক আপচু তথা তামোলা খাই থকা সোলা বুঢ়ী আইতাৰ দৰে ৰূপ দিয়া বুলিও একাংশ ব্যক্তিয়ে অভিযোগ কৰিছে। লক্ষণীয় বিষয়টো হৈছে, অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে এই প্ৰতীক পটৰ বাবে বিগত ছেপ্টেম্বৰ মাহতে নিবিদা আহ্বান কৰিছিল। । সেই অনুসৰি মুম্বাইৰ শুভ্ৰ এড্‌ছ নামৰ ফাৰ্মখনক প্ৰায় ৩৫ লাখ টকাত প্রতীকপট নিৰ্মাণৰ ঠিকা দিছিল। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রণালয়ৰ তত্বাৱধানত প্ৰস্তুত কৰা প্ৰতীকপটৰ ডিজাইনিঙৰ দায়িত্বত আছিল মন্ত্রী বিমল বৰাৰ নেতৃত্বাধীন সাংস্কৃতিক বিভাগৰ শীর্ষ বিষয়াৰ লগতে  কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্রণালয় অসমীয় ডিজাইনাৰ ।  কিন্তু এনে দায়িত্বশীল ব্যক্তি জড়িত থকাৰ পাছতো মহাবীৰ লাচিত বৰফুকনৰ দৃষ্টিকটুৰ প্রতিমূর্তি নির্মাণ কৰি অসমক লজ্জানত কৰিবলৈ অধিকাৰ কোনে দিলে বুলিও প্রশ্ন উত্থাপন হৈছে। এই ক্ষেত্ৰত সাংস্কৃতিক বিভাগে লাচিতৰ প্ৰতিমূৰ্তিক লৈ ৰাজ্যত সচৰাচৰ লাচিত বৰফুকনৰ মূৰ্ত্তি নিৰ্মাণ কৰা ভাস্কৰ তথা শিল্পীসকলৰ পৰামৰ্শ লৈছিল নে নাই বুলিও প্রশ্ন উত্থাপন হৈছে। কেৱল লাচিতৰ প্ৰতিমূৰ্তিটোৱেই নহয়, লাচিত বৰফুকনে লোৱা হেংদাংখনো আহোমৰ অস্ত্ৰ নহয় বুলিও  বিভিন্নজনে সমালোচনা কৰিছে। লাচিতৰ বিকৃত অৱয়ব দেখা পাই  জ্যেষ্ঠ সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞাৰ প্ৰতিক্ৰিয়া-‘ঐতিহাসিক চৰিত্ৰৰ প্রতিমূৰ্তিত অতীত মূৰ্ত হোৱাই নহয়, চৰিত্ৰৰ ভাবমূর্তি উজ্জ্বল ৰূপত  সমকালীন প্ৰজন্মৰ মাজত প্ৰেৰণৰ প্ৰতীক ৰূপে তুলি ধৰাটোৱেই শিল্পীৰ কৰ্তব্য হোৱা উচিত বুলি ভাবো। অন্যথা সেয়া আমি পাঠশালাত পঢ়ি থকা সময়ত অকা আম, কঠাল, আনাৰসৰ পৰ্যায়তে ৰৈ যাব।সামাজিক মাধ্যমত দেৱব্রত  গগৈ নামৰ আন এজনে লিখিছে— 'লাচিত নহয়, হাতত মেছিদাখন লৈ কাৰোবাক খেদা মাৰি যোৱা তামুলী বুঢ়ী আইজনী যেন লাগিছে। মুঠৰ ওপৰত লাচিতৰ প্ৰতিমূৰ্তি বিকৃতকৰণক লৈ বিভিন্নজনে এতিয়া চৰকাৰক প্ৰশ্ন কৰা দেখা গৈছে। লাচিতক ভুলকৈ দেশবাসীৰ  পৰিচয় কৰি অসমক লজ্জানত কৰা দায়বদ্ধ সংশ্লিষ্ট বিষয়া আৰু  ঠিকাদাৰী ফাৰ্মৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে কিবা ব্যৱস্থা ল'ব নে নাই, সেয়া সময়েহে ক'ব। কিয়নো বিগত বৰ্ষত গণৰাজ্য দিৱসৰ প্ৰতীক পট  হিচাপে স্বাধীনতা সংগ্রামী কনকলতাক নিৰ্বাচন কৰা হৈছিল যদিও শেষ মুহূৰ্তত চৰকাৰে ধন মোকলাই নিদিয়াৰ বাবে প্রতীক পট প্ৰদৰ্শনৰ পৰা বঞ্চিত হৈছিল অসম। বিগত বৰ্ষত বাজেটত ধন নথকাত দেশৰ  আগত অসম লজ্জানত হোৱাৰ পাছত এইবাৰ প্ৰতীক পটত বিকৃত চৰিত্ৰ উত্থাপনেৰে পুনৰবাৰ যেন অসম লজ্জানত হ'ল।

No comments