Breaking News

শংকৰদেৱ শিশু নিকেতন কুমাৰীকাটাৰ ৰূপালী জয়ন্তী বৰ্ণিল সাংস্কৃতিক শোভাযাত্রাই মুহিলে ৰাইজক


ডিজিটেল সংবাদ, তামুলপুৰ: 
শিশু শিক্ষা সমিতি অসমৰ দ্বাৰা পৰিচালিত শংকৰদেৱ শিশু নিকেতন কুমাৰীকাটাৰ ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে । আজি পুৱা সমূহীয়া বন্দনা কাৰ্যসূচীৰে দুদিনীয়া কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে নিকেতন পৰিচালনা সমিতিৰ সভাপতি বাসুদেৱ উপাধ্যায়ে । নিকেতনৰ পতাকা উত্তোলন কৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধৰ দেউৰীয়ে । উপস্থিত বিদ্যাৰ্থী সকলে বৃন্দগীত পৰিবেশন কৰাৰ পিছতে স্মৃতি তৰ্পন আৰু প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰে ক্ৰমে শংকৰদেৱ শিশু নিকেতন , কুমাৰীকাটাৰ প্ৰতিষ্ঠাপক সভাপতি চিনাকান্ত বসুমতাৰী আৰু প্ৰাক্তন সভাপতি মনোমোহন দাসে । অনুষ্ঠানৰ লগত ৰজিতা খুৱাই উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা । শোভাযাত্ৰা উদ্বোধন কৰে বিটিআৰৰ এমচিএলএ বিজিত গৌৰা নাৰ্জাৰীয়ে । এই সাংস্কৃতিক শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰি এক অনন্য মাত্ৰা প্ৰদান কৰে ।


No comments