Breaking News

শিৱসাগৰৰ গেলেকী দেওপানী ইটাখোলা খনা গাঁৱত হত্যা কৰি মাটিৰ তলত পুতি ৰখা মৃতদেহ উদ্ধাৰ


 ডিজিটেল সংবাদ, শিৱসাগৰ: মৃতদেহটো চিকাৰী ঘাটোৱাৰৰ বুলি চিনাক্ত, পত্নী- জোৱায়েক আৰু কন্যাই সংঘটিত কৰে এই জঘন্য হত্যাকাণ্ড; তিনিজনক আটক বৰ্তমান সময়ত কোনো লোকেই সুৰক্ষিত নহ'য় নেকি নিজা আপোন পৰিয়ালৰ মাজত । সি এক প্ৰশ্নৰ বিষয় হৈ পৰিছে । নৃশংস তথা অমানৱীয় এক জঘন্য হত্যাকাণ্ড এইবাৰ সংঘটিত হৈছে এইখন সভ্য সমাজতেই । শিৱসাগৰৰ নাজিৰা সীমান্তৱৰ্তী গেলেকী দেওপানী ইটাখোলা খনা গাঁৱত কিছু দিন পূৰ্বে হত্যা কৰি মাটিৰ তলত পুতি ৰখা এটা প্ৰাপ্তঃবয়স্ক লোকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । মৃত লোকজনৰ নাম চিকাৰী ঘাটোৱাৰ বুলি জানিব পৰা গৈছে । জানিব পৰা মতে গেলেকী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অভিজিৎ কোঁৱৰে গোপন সূত্ৰৰ পম খেদি দেওপানী ইটাখোলা খনা গাঁৱত যোৱা ১ জানুৱাৰীৰ দিনা কুঠাৰে অতি নৃশংস ভাৱে হত্যা কৰি মাটিৰ তলত পুতি ৰখা লোক জনৰ মৃতদেহ সন্দৰ্ভত তদন্ত আৰম্ভ কৰে । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নাজিৰা মহকুমা দণ্ডাধীশক সবিশেষ অৱগত কৰি মৃতদেহটো উদ্ধাৰ কৰা ব্যৱস্থা কৰিছে । লগতে অভিজিৎ কোঁৱৰৰ নেতৃত্বত যোৱা আৰক্ষী দলে আজি পুৱতি নিশা প্ৰায় ২:৩০ মান বজাত হত্যাকাৰী সম্বন্ধত পত্নী, জোৱায়েক কমল ঘাটোৱাৰ আৰু কন্যাক আটক কৰি জেৰা অব্যাহত ৰাখিছে । আৰক্ষীয়ে সূত্ৰৰ পৰা জানিব পৰা মতে পাৰিবাৰিক কন্দলৰ বাবে এই হত্যাকাণ্ড কৰা হৈছিল । ইতিমধ্যে নাজিৰা মহকুমা দণ্ডাধীশ সহ আৰক্ষীয়ে বাৰীৰ মাটিত পুতি ৰখা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।


No comments