Breaking News

চৰাইদেউ মহোৎসৱৰ নিৰাপত্তা দিশ নিৰিক্ষণ চৰাইদেউ আৰক্ষীৰ


ডিজিটেল সংবাদ, সোণাৰি: 
চৰাইদেউ মহোৎসৱলৈ মাজত মাথো কেইটামান মুহূৰ্ত। ইতিমধ্যে ৰাইজৰ ব্যাপক সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে।ব্যাপক জন সমাগমৰ আশংকা কৰি চৰাইদেউ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসন নিৰাপত্তা জনিত দিশ নিৰিক্ষণ কৰা পৰিলক্ষিত হৈছে।  চৰাইদেউ মহোৎসৱৰ  উদযাপন সমিতিৰ সভাপতি তথা সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে অবগত কৰিছে যে দুশৰো অধিক বিভিন্ন বিপনী অংশগ্ৰহণ নিশ্চিত কৰিছে। জনগোষ্ঠীয় খাদ্যমেলা, গ্ৰন্থ বিপনী, জনগোষ্ঠীয় সাজপাৰ বিপনী, বিভিন্ন ফুলৰ বিপনী , কছমছটিক,মনিহাৰী বিপনী অসমৰ বিভিন্ন ঠাইৰ পৰা মহোৎসৱ স্থলীত সমবেত হ'ব। চৰাইদেউ বাসী ৰাইজৰ উদ্যোগত আৰু অসম পৰ্যটন বিভাগৰ সহযোগত অহা ইং ৭,৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা চৰাইদেউ মহোৎসৱ স্থলীত চৰাইদেউ জিলা আৰক্ষী অধীক্ষক যুৱৰাজ সিং, অতিৰিক্ত আৰক্ষী অধীক্ষক দেৱাশীষ চৌধুৰী উপস্থিত হৈ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে নিৰাপত্তা জনিত দিশ সমূহৰ সম্পৰ্কে পৰ্যালোচনা কৰে।  জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুষ হাজৰিকা, অসম পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি বিভাগৰ মন্ত্ৰী নন্দীতা গাৰ্লোছা, শিক্ষা মন্ত্ৰী ড০ ৰনোজ পেগু, দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মহন , উদ্যোগ বানিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু বহু কেইজন বিধায়ক উপস্থিত থকাৰ লগতে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ উপস্থিত থাকিব বুলি জনা গৈছে। মহোৎসৱ স্থলীত প্ৰতিদিনে দুশৰো অধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ'ব বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে।

No comments