Breaking News

সেউজ সংকেত প্ৰত্যাহ্বান জনোৱা আৱেদন খাৰিজ


ডিজিটেল ডেস্ক:
উত্তৰাখণ্ডত উমৈহতীয়া দেবানী সংহিতা প্রৱর্তনৰ সাধনসম্ভাবনা পৰীক্ষা কৰিবলৈ সমিতি গঠন কৰাৰ প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত আবেদন দাখিল কৰা হৈছিল । বিজেপিৰ ইউনিফর্ম চিভিল ক'ড ( ইউ চি চি উমৈহতীয়া দেৱানী সংহিতা ) সমিতিলৈ বৃহৎ সকাহ দি উচ্চতম ন্যায়ালয়ে সোমবাৰে এনে সমিতিক প্ৰত্যাহ্বান জনোৱা এখন আবেদন খারিজ কৰে । ভাৰতৰ মুখ্য ন্যায়াধীশ ডি রাই চন্দ্রচূড়ে কয় যে উমৈহতীয়া দেৱানী সংহিতা ৰচনা কৰিবলৈ গুজৰাট আৰু উত্তৰাখণ্ডত গঠন কৰা সমিতিক ইয়াত প্ৰত্যাহ্বান জনোৱা হৈছিল । সংবিধানৰ অনুচ্ছেদ ১৬২ ত ৰাজ্যক তেনে ক্ষমতা দিয়া হৈছে । অধিবক্তা অনুপ বৰণৱালে দাখিল | কৰা আবেদন খাবিজ কৰি ন্যায়ালয়ে এইদৰে কয় । ইয়াৰ আগতে কেন্দ্ৰীয় চৰকাৰে উচ্চতম ন্যায়ালয়ক কৈছিল যে উমৈহতীয়া দেবানী সংহিতাৰ খচৰা তৈয়াৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ সংসদৰ আছে । ভাৰতৰ মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ো | একমত হৈছিল আৰু কৈছিল যে এইটো সংসদৰ আওতাৰ বিষয় । উমৈহতীয়া দেৱানী সংহিতাৰ অর্থ হ'ল অঞ্চল বা ধর্ম নির্বিশেষে একেধৰণৰ | দেৱানী আইনৰ অধীনলৈ অহা ।

No comments