Breaking News

অসমত বৃদ্ধি পাইছে জি এছ টি আৰু অনা - জি এছ টি সংগ্ৰহৰ পৰিমাণ

 


ডিজিটেল ডেস্ক:অসমত বৃদ্ধি পাইছে জি এছ টি আৰু অনা - জি এছ টি সংগ্ৰহৰ পৰিমাণ ।এই সময়ছোৱাত জি এছ টি সংগ্ৰহৰ পৰিমাণ হৈছে ৯,২৮০ কোটি টকা ।  অর্থাৎ ২০২১ বৰ্ষৰ তুলনাত ২০২২ চনৰ এপ্রিল ডিচেম্বৰৰ সময়ছোৱাত ২৬ শতাংশ বৃদ্ধি পায় জি এছ টি সংগ্রহ । অনা - জি এছ টি কৰ সংগ্ৰহো ২৮ শতাংশ বৃদ্ধি হৈ ৫,১৩৭ কোটি টকা হৈছেগৈ । ২০২১ চনৰ এপ্ৰিল ডিচেম্বৰত এই পৰিমাণ আছিল ৪,০২৫ কোটি টকা । উল্লেখ্য যে পেট্র লিয়াম , সুবা , বৃত্তিগত কৰ আৰু বৈদ্যুতিক শুল্ক আদি অনা - জি এছ টিৰ অধীনত সামৰি লোৱা হয় । এটা বিশেষ সূত্রই জানিবলৈ দিয়ামতে আবকাৰী উপার্জনো ৩২ শতাংশ বৃদ্ধি পাই ১,৭৪৩ কোটি টকা হৈছেগৈ । ২০২১ চনৰ এপ্রিল - ডিচেম্বৰত এই পৰিমাণ আছিল ১,৩২০ কোটি টকা ।  ২০২১-২২ বিত্তীয় বৰ্ষত অসম চৰকাৰৰ মুঠ ৰাজহ সংগ্ৰহৰ পৰিমাণ ২৭,২৭৫ কোটি টকালৈ বৃদ্ধি হৈছে । ২০১৬-১৭ বিত্তীয় বৰ্ষত এই পৰিমাণ আছিল ২০,১৮৮ কোটি টকা । সেইদৰে ২০২১-২২ বিত্তীয় বৰ্ষত কেন্দ্রীয় চৰকাৰে অসম চৰকাৰলৈ হস্তান্তৰ কৰা মুঠ ৰাজহৰ পৰিমাণ ৬১,৭০৪ কোটি টকালৈ বৃদ্ধি হয় । ২০১৬-১৭ বিত্তীয় বৰ্ষত এই পরিমাণ আছিল ৩২,৭৮৭ কোটি টকা । অর্থাৎ বিগত ৫ বছৰত কেন্দ্ৰীয় চৰকাৰৰ পৰা লাভ কৰা ৰাজহৰ পৰিমাণ প্রায় ৫ গুণ বৃদ্ধি পাইছে ৷ চলিত বিত্তীয় বৰ্ষত পৰিবহণ বিভাগৰ পৰা প্ৰায় ১,২০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ হ'ব বুলি আশা প্রকাশ কৰিছে অসম চৰকাৰে । 



No comments