Breaking News

তামুলপুৰ এজন উদীয় মান যুৱকে গৌৰৱ কঢ়িয়াই আনিছে তামুলপুৰ বাসীলৈ

 


ডিজিটেল সংবাদ,তামুলপুৰ: 
তামুলপুৰ জিলাৰ মাজ মজিয়াত ঘৰ ,কঁচুৱাৰীস্থিত ভুৱনেশ্বৰ দাসৰ লৰা নাম চনম চাংকি দাস।জন্ম  ১৯/৯/১৯৯৪ তামুলপুৰৰ কঁচুৱাৰীত,শিক্ষা অসমীয়াত স্নাকোত্তৰ ।বর্তমানে শিক্ষক ৰূপে কৰ্মৰত ধুবুৰী জিলাত।সচাকৈ পঢ়াৰ প্ৰতি ,কিবা এটা লেখাৰ  বৰ হেঁপাহ।।।গ্রন্থ উপন্যাস কবিতা আদি লিখি সুনাম অৰ্জন কৰাৰ লগতে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এই যুৱক জনে।ইচ্ছা কৰিলে মানুহে কৰিব নোৱাৰা কাম একো নাই তৰুণ লেখক চনম চাংকি দাসৰ প্ৰথমখন উপন্যাস "মাঝেৰচৰে" অসমীয়া সাহিত্যলৈ সম্ভাৱনা কঢ়িয়াই আনিছে। ভৌগোলিক, সামাজিক, ৰাজনৈতিক--সকলো পিনৰ পৰা দাঁ‌তিকাষৰত অৱস্থান কৰা সামাজিক পৃথিৱী এখনৰ দৈনন্দিন জীৱনৰ চিত্তাকৰ্ষক বৃত্তান্ত এই উপন্যাস।

ঔপন্যাসিকে আমাক দিছে মূলসুঁ‌তিৰ কল্পজগতখনে সচৰাচৰ ঢুকি নোপোৱা আৰু প্ৰায়ে homogenous বুলি কল্পনা কৰা সুদূৰৰ পৃথিৱী এখনৰ বৰ্ণময় ৰূপ, য'ত নিম্নবৰ্গৰ এখিনি মানুহৰ জীৱন সংগ্ৰাম, দেৱানী-মাতব্বৰৰ শোষণ-নিপীড়িনৰ ছবিখনৰ লগে লগে পিতৃতান্ত্ৰিকতা, গৰুৰ চোৰাং বেহাৰ দৰে আন্ধাৰ জগতখনো উদ্ভাসিত হৈছে। মাঝেৰচৰ কেবল এক ভৌগোলিক ভূখণ্ড নহয়, ই হৈ পৰিছে প্ৰান্তীয়তাৰ এক ৰূপক। চৰ মানেই সকলো অশুভৰ প্ৰতীক--সম্প্ৰতি এই ধৰণৰ ৰাজনৈতিক বাগধাৰা নিৰ্মাণৰ যি প্ৰচেষ্টা চলিব লাগিছে, সেই পটভূমিত "মাঝেৰচৰ"ৰ পঠনে পঢ়ুৱৈক এক অভিনৱ অভিজ্ঞতাৰ মুখামুখি কৰাব বুলি আমি আশাবাদী, যে চৰতো মানৱীয় আবেগ-অনুভূতি আছে, বিচিত্ৰ কাহিনী আছে,  প্ৰচণ্ড অসম জগত এখন য'ত ধৰ্মতকৈ ক্ষমতাৰ বহুতৰপীয়া বিন্যাসহে ক্ৰিয়াশীল আৰু কাৰ্যকৰী। চনম চাংকিৰ নিৰীক্ষণ আৰু দৃষ্টিভংগী পূৰঠ, ভাব-ভাষা মেদবিহীন; কাহিনী কথনতো দক্ষতাৰ চানেকি পোৱা যায়। তেওঁ পোৱা বঁটা সমূহ ""আমাৰ জন্ম আমেৰিকাত হোৱা হলে"" গল্প সংকলন ৰ বাবে অসম সাহিত্য সভা  ২০১৫-১৭ বৰ্ষত প্রকাশিত ২৫ বছৰৰ অনুৰ্ধব লেখক 'মহানন্দ বৰুৱা শচীপ্ৰভা বৰুৱা বঁটা লাভ আৰু :'আন্ধাৰৰ যি পোহৰ থাকে অলপ 'কাব্য গ্ৰন্থৰ পাণ্ডুলিপি ৰ বাবে সদৌ অসম কবি সন্মিলনৰ  ২০১৭-১৯বৰ্ষত 'অৱনী চক্ৰৱৰ্তী বঁটা লাভ কৰে ।।।এই বঁটা সমূহ লাভ কৰি তামূলপুৰলৈ গৌৰৱ কঢ়িয়াই আনিছে।।।লগতে মাঝেৰচৰ গ্ৰন্থ খন উন্মোচন কৰে অসম গ্রন্থমেলা ত গুৱাহাটী।।।মানুহৰ জীৱনৰ উদ্দেশ্যমুখী কাম, কৌতূহলখিনি,আত্মক্ষয়ী আতংক অথবা শ্ৰমখিনিক পৰিত্যক্ত,নিজান ঠাইতো বৰ সুন্দৰভাৱে বিচাৰি পোৱা যায়।সমাজবাদী সংগ্ৰামত এনে বৰ্ণনাই, চৰিত্ৰ সন্ধানে আভ্যন্তৰীণ ভাৰসাম্য ৰক্ষা কৰিবলৈ এক পৰম্পৰাৰ জন্ম দিব বুলি মনে ধৰে।ভৌগোলিক, সামাজিক, ৰাজনৈতিক আদি সকলো দিশতে দাঁতিকাষৰত অৱস্থিত এখন সুকীয়া পৃথিৱীৰ বৃত্তান্ত এই গ্ৰন্থত সাৱলীল ৰূপত বৰ্ণনা কৰা হৈছে। প্ৰতি পৃষ্ঠাত আছে সংগ্ৰাম, শোষণ, জীৱনক আগুৱাই নিয়াৰ বাবে নিতৌ কৰা যুদ্ধ। 



No comments