Breaking News

উত্তৰাখণ্ডৰ যোশীমঠত প্ৰায় ৪,০০০লোকক সুৰক্ষিত ঠাইলৈ নিয়া হৈছে।


ডিজিটেল ডেস্ক: 
উত্তৰাখণ্ডৰ যোশীমঠত কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা জৰীপ চলোৱাৰ পাছত ছশটা ঘৰৰ পৰিয়ালক স্থানান্তৰ কৰা হয়। গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াই কয়, 'এতিয়ালৈকে ছশটা ঘৰ খালী কৰোৱা হৈছে আৰু প্ৰায় ৪,০০০ লোকক সুৰক্ষিত ঠাইলৈ নিয়া হৈছে।   বিষয়াজনে কয় যে সেনা আৰু আই টি বি পিৰ ভৱনৰ সৰু অঞ্চলত কিছু ফাট দেখা গৈছে, কিন্তু পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা লোৱা হৈছে। ইফালে ঘৰ, পথ আদিৰ ক্ষতিৰ জৰীপ কৰিবলৈ সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ এটা দল যোশীমঠত উপস্থিত হয়। দলটোৱে সোমবাৰেই ৰাজ্য চৰকাৰক প্ৰতিবেদন দাখিল কৰিব। ইফালে, ৰাজ্য চৰকাৰে যোশীমঠক তিনিটা মণ্ডলত ভাগ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই মণ্ডলকেইটা হ'ব বিপজ্জনক, মধ্যৱৰ্তী আৰু সুৰক্ষিত।

No comments