Breaking News

প্ৰচণ্ড জাৰৰ বাবে পাঁচ দিনত কানপুৰত ৯৮ জন লোকৰ মৃত্যু হয়।

 


ডিজিটেল ডেস্ক: অতিপাত  জাৰে উত্তৰ ভাৰতৰ বিভিন্ন ঠাইত জনজীৱন বিধ্বস্ত কৰাৰ সময়তে নতুন দিল্লীকে ধৰি আন  বহু ঠাইত ঘন কুঁৱলীয়ে আৱৰি পেলাইছে। দিল্লীৰ ছফদজং, পালাম আদি ঠাইত তাপমাত্রা প্রায় তিনি ডিগ্রী চেলছিয়াছলৈ বৃদ্ধি  হোৱাৰ লগতে ঘন কুঁৱলীৰ বাবে দৃশ্যমান পঁচিশ মিটাৰলৈকে হ্ৰাস পাইছে। ইয়াৰ ফলত যান- বাহনৰ যাতায়াতত ব্যাপক প্ৰভাৱ পৰা দেখা দিছে।উত্তৰ ভাৰতৰ কেইবাখনো ৰাজ্যত বর্তমান প্রচণ্ড জাৰ প্রবাহ চলি আছে। ইয়াৰ মাজতে পাঁচ দিনত উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰচণ্ড জাৰৰ বাবে হৃদৰোগ আৰু ব্রেইন ষ্ট্ৰকত মৃত্যু হোৱাৰ  সংখ্যা ৯৮ জন লৈ বৃদ্ধি পাইছে। ইফালে উত্তৰ প্ৰদেশত উন্নাওত আগ্রা এক্সপ্ৰেছ ৱে'ত দুখন বাছৰ সংঘৰ্ষৰ বাবে কমেও চাৰিজন লোক নিহত হোৱাৰ লগতে আন বাৰগৰাকী আহত হৈছে। ইয়াৰে এখন বাছ গুজৰাটৰ পৰা গতি কৰিছিল।

No comments