Breaking News

অসমৰ চাহৰ গৌৰৱময় ২০০ বছৰ


 ডিজিটেল ডেস্ক:চলিত বৰ্ষত অসমৰ এই চাহ উদ্যোগটোৱে গৌৰৱময় ২০০ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে সংস্থা ইষ্টার্ন টি এছ'চিয়েচন ’ চমুকৈ ‘ নেটাই যোৱা ৭ জানুৱাৰীত যোৰহাটত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰে । ‘ নেটা’ৰ অধ্যক্ষ কমল জালানে আদৰণী ভাষণেৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানতে অৰূপ কুমাৰ দত্তই ৰচনা কৰা ‘ জেনেছিছ অব্ আছাম টি ইণ্ডাষ্ট্ৰি ' নামৰ এখন গ্ৰন্থ উন্মোচন কৰে স্বপ্না শৰ্মা আৰু বিদ্যানন্দ বৰকাকতিয়ে । এই গ্ৰন্থখনত অসমৰ চাহ খণ্ডৰ দুশ বছৰীয়া গৌৰৱময় ইতিহাসৰ বিষয়ে বিতংকৈ উল্লেখ কৰা হৈছে । আনহাতে চাহ গৱেষক আৰু লেখক ড ° প্রদীপ বৰুৱাই ৰচনা কৰা তথা ‘ নেটা'ই প্ৰকাশ কৰা আন এখন গ্ৰন্থও উন্মোচন কৰে টি ব’ৰ্ডৰ প্ৰাক্তন অধ্যক্ষ প্রভাত বেজবৰুৱাই । এই অনুষ্ঠানত অসম চাহ উদ্যোগী সংস্থা , ভাৰতীয় চাহ পৰিষদ আৰু ‘ নেটা’ৰ অধ্যক্ষ , উপাধ্যক্ষ আৰু কেইবাগৰাকীও প্রাক্তন অধ্যক্ষ উপস্থিত থাকে ।১৮২৩ চনত স্কটলেণ্ডৰ পৰা অহা ৰবাৰ্ট ব্রুছে অসমৰ হাবিয়ে বননিয়ে ঘূৰি ফুৰোতে প্ৰথমবাৰৰ বাবে চাহগছ আৱিষ্কাৰ কৰিছিল বুলি বুৰঞ্জীত লিপিবদ্ধ হৈ আছে । মণিৰাম দত্তবৰুৱা ( মণিৰাম দেৱান ) ৰ সহযোগত ১৮২৩ চনত ৰবাৰ্ট ক্ৰছে অসমত চাহগছ আৱিষ্কাৰ কৰাৰ সময়ৰে পৰা এতিয়ালৈকে সকলো তথ্য এই গ্ৰন্থখনত সন্নিবিষ্ট ইতিহাস উদ্‌যাপন কৰাৰ বাবে যোৰহাটত অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে চিকিৎসক তথা লেখক আৰু জয়পুৰ চাহ বাগিচাৰ স্বত্বাধিকাৰী নিৰ্মল চাহেৱালা , বোকাখাত চাহ বাগিচাৰ স্বত্বাধিকাৰী অ ’ পি গাট্টানিকে ধৰি বহু চাহ উদ্যোগীয়ে ।

No comments