Breaking News

ৰাষ্ট্ৰপতি ভৱন আক্ৰমণ

 


ডিজিটেল ডেস্ক:
৩ হাজাৰৰো অধিক সমৰ্থক প্রতিবাদকাৰীয়ে দেওবাৰে আৰক্ষীৰ অৱৰোধ ভাঙি সংসদ , ৰাষ্ট্ৰপতিৰ ভৱন আৰু উচ্চতম ন্যায়ালয়ত প্ৰৱেশ কৰে ।দেশখনৰ বৰ্তমানৰ প্ৰধানমন্ত্রী লুইজ ইনেছিঅ লুলা ডা ছিলভাই ইয়াক ‘ ফেচিষ্ট ’ আক্রমণ আখ্যা দিয়ে । দেশখনৰ পতাকাৰ সেউজীয়া আৰু হালধীয়া ৰঙৰ পোছাক পৰিহিত প্ৰতিবাদীৰ এক জনসমুদ্রই ব্রাছিলিয়ার সংসদ , উচ্চতম ন্যায়ালয়ৰ মুখ্য কার্যালয়সমূহত লুটপাত চলায় আৰু ৰাষ্ট্ৰপতিৰ ভৱনতো প্ৰৱেশ কৰে । আনহাতে সংসদ , ৰাষ্ট্ৰপতিৰ ভৱনত্ হোৱা উক্ত ' লুটপাত আৰু আক্ৰমণ'ক বলছনেৰোৱেও গৰিহণা দিয়ে  এই দৃশ্যই ২০২১ চনৰ ৬ জানুৱাৰীত আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প সমর্থকে দেশখনৰ কেপিটল ভৱন আক্ৰমণৰ দৃশ্য মনত পেলায় । ইফালে প্রতিবাদকাৰীসকলে সংসদ , ৰাষ্ট্ৰপতিৰ ভৱন আৰু উচ্চতম | ন্যায়ালয়ত আক্রমণ কৰাৰ পাছত সেনা অণৰ ক্ষী যে . আক্ৰমণকাৰীসকলক বাহিৰলৈ উলিয়াই পঠিয়াই । এই অভূতপূর্ব ঘটনাৰ পাছত ৰাজধানীত নিৰাপত্তা দিয়াত ব্যৰ্থ হোৱা বাবে দেশখনৰ উচ্চতম ন্যায়ালয়ে ব্ৰাছিলিয়াৰ গভর্নৰক তিনি মাহৰ বাবে নিলম্বন কৰে । ব্ৰাজিলৰ এই ঘটনাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ প্রকাশ কৰি কয় , ‘ গণতান্ত্ৰিক পৰম্পৰাক সকলোৱে সন্মান জনোৱা উচিত । ' আমেৰিকাৰ ৰাষ্ট্ৰপতি জ ’ বাইডেনেও ব্রাজিলৰ ঘটনাক গৰিহণা দিয়ে । ঘটনাৰ সন্দৰ্ভত প্ৰায় ৩০০ জন প্রতিবাদকাৰীক গ্ৰেপ্তাৰ কৰে ।

No comments