Breaking News

শিৱসাগৰৰ জাঁজী-আমগুৰি মহোৎসৱস্থলীত এতিয়া দুস্কৃতিকাৰীৰ তাণ্ডৱ


ডিজিটেল সংবাদ,শিৱসাগৰ:
 শিৱসাগৰৰ আমগুৰি সমষ্টিৰ জাঁজী পেঙেৰা ঘাট সমন্বয় ক্ষেত্ৰত ১৬, ১৭, ১৮, ১৯ জানুৱাৰীত চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগা জাঁজী-আমগুৰি মহোৎসৱৰ মূল মণ্ডপৰ লাইখুটা কাটি নিয়াৰ লগতে আমগুৰি বন বিষয়াৰ কাৰ্যলয়ৰ নিচেই কাষতে থকা পেঙেৰা ঘাট সমন্বয় ক্ষেত্ৰৰ পৰা দুস্কৃতিকাৰীয়ে তিনি জোপাকৈ মূল্যৱান গছ কাটি নিয়াৰ ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । ২০১৭ চনৰ পৰা ধাৰাবাহিক ভাৱে অনুষ্ঠিত হৈ অহা নদী ভিত্তিক উৎসৱৰ অন্যতম এই জাঁজী- আমগুৰি মহোৎসৱ । নদী কাষৰীয়া অঞ্চলটোৰ সামগ্ৰীক উন্নয়নৰ লক্ষৰে বিভিন্ন কাৰ্যসূচীৰ সমাহাৰেৰে অনুষ্ঠিত হৈ অহা এই জাঁজী- আমগুৰি মহোৎসৱস্থলীত এতিয়া দৈনিক দুস্কৃতিকাৰীৰ অনৈতিক কাৰ্যত শংকিত হৈ পৰিছে উদযাপন সমিতি । এই সন্দৰ্ভত তদন্ত বিচাৰি ইয়াৰ উচিত ব্যৱস্থা গ্ৰহণৰ বাবে উদযাপন সমিতিয়ে আজি আমগুৰি আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । লগতে চৰকাৰ আৰু স্থানীয় প্ৰশাসনক পেঙেৰা ঘাট সমন্বয় ক্ষেত্ৰত নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় । পূৰ্বতেও এই স্থানৰ পৰা দুস্কৃতিকাৰীয়ে অবৈধ ভাৱে মাটি খান্দি নিয়াৰ অভিযুগ উত্থাপন কৰিছে উদযাপন সমিতিয়ে ।

No comments