Breaking News

প্ৰধানমন্ত্রী মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ কাম - কাজ আৰু সফলতাক লৈ সন্তুষ্ট


ডিজিটেল ডেস্ক: 
ভাৰতৰ জনসাধাৰণ প্ৰধানমন্ত্রী মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ কাম - কাজ আৰু সফলতাক লৈ সন্তুষ্ট যেন দেখা গৈছে । ইণ্ডিয়া টুডে - চি ভোটাৰৰ ‘ মুড অব্ দ্য নেশান প’লত এই কথা প্ৰকাশ পাইছে ।  বর্তমান লোক সভাৰ নির্বাচন অনুষ্ঠিত হয় , তেন্তে ভাৰতীয় জনতা পার্টি ( বিজেপি ) -এ ২৮৪ খন আসনত জয়লাভ কৰিব । আনহাতে 1 কংগ্ৰেছে লাভ কৰিব ১৯১ খন আসন । সমীক্ষাত অংশগ্ৰহণ কৰা ৭২ শতাংশ লোক প্রধানমন্ত্ৰীৰ কাম - কাজত সন্তুষ্ট । মুড অব্ দ্য নেশ্যনৰ জানুৱাৰী সংস্কৰণত এই কথা প্রকাশ পাইছে । ২০২৩ চনৰ জানুৱাৰীত সমীক্ষাত অংশগ্ৰহণ কৰা ৬৭ শতাংশ লোকে কয় যে ৯ বছৰ শাসনত থকাৰ পাছত চৰকাৰৰ কাম - কাজ সন্তোষজনক । ২০২২ চনৰ আগষ্টতকৈ ই ১১ শতাংশ বৃদ্ধি পাইছে । ইণ্ডিয়া টুডে - এ চি - ভোটাৰৰ সৈতে চলোৱা এই সমীক্ষাত মুঠ ১,৪০,৯১৭ জন লোকে অংশগ্ৰহণ কৰিছিল । আনহাতে ২০২২ চনত এন ডি এ চৰকাৰৰ কাম কাজত অসন্তুষ্ট লোকৰ সংখ্যা ৩৭ শতাংশ থকাৰ বিপৰীতে এই জানুৱাৰীত ই ১৮ শতাংশলৈ হ্ৰাস পায় । সমীক্ষাত অংশগ্রহণকাৰীৰ ২০ শতাংশই ভাবে যে এন ডি এৰ বৃহত্তম সফলতা হৈছে কভিড মহামাৰীৰ ব্যৱস্থাপনা , ১৪ শতাংশই ৩৭০ অনুচ্ছেদ প্রত্যাহাৰক এন ডি এ চৰকাৰৰ বৃহত্তম সফলতা বুলি ভাবে । ১২ শতাংশই ভাবে যে ৰাম মন্দিৰ নিৰ্মাণ হৈছে বৰ্তমানৰ চৰকাৰৰ বৃহত্তম সফলতা । ইফালে ২৫ শতাংশই ভাবে যে এন ডি এ চৰকাৰৰ বৃহত্তম বিফলতা হৈছে দাম বৃদ্ধি । ১৭ শতাংশই ভাবে যে নিবনুৱা সমস্যা ৰোধ কৰিব নোৱৰাটো এই চৰকাৰৰ বৃহত্তম বিফলতা । ৮ শতাংশই কভিড মহামাৰীক এন ডি এ চৰকাৰৰ বৃহত্তম বিফলতা বুলি ভাবে । 

No comments