Breaking News

গুজৰাটৰ সংঘৰ্ষ আৰু ৰাজ্যখনৰ তৎকালীন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ খনক লৈ দেশজুৰি অব্যাহত আছে উত্তেজনা



ডিজিটেল ডেস্ক: গুজৰাটৰ সংঘৰ্ষ আৰু ৰাজ্যখনৰ তৎকালীন মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোদীক লৈ বিবিচিয়ে নিৰ্মাণ কৰা তথ্যচিত্ৰ খনক লৈ দেশজুৰি অব্যাহত আছে উত্তেজনা । উল্লেখ্য যে ' ইণ্ডিয়া : দ্য মোদী কুৱেশ্বন ’ নামৰ এই তথ্যচিত্ৰখনৰ প্ৰদৰ্শনক লৈ শেহতীয়াকৈ ৰাজধানী দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় , জামিয়া - মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয় , হায়দৰাবাদ বিশ্ববিদ্যালয় আৰু কেৰালাৰ থিৰুঅনন্তপুৰম বিশ্ববিদ্যালয়ত উত্তাল পৰিস্থিতিৰ সৃষ্টি হৈছে । তথ্যচিত্ৰখন প্ৰদৰ্শনৰ উদ্যোগ লৈছিল এছএফআই আৰু আইছা নামৰ ছাত্র সংগঠন দুটাই । কিন্তু জে এন ইউ বিশ্ববিদ্যালয়ত তথ্যচিত্ৰখনৰ প্ৰদৰ্শন চলি থাকোতে হঠাতে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হয় । ফলত পৰিস্থিতিয়ে অন্য ৰূপ লয় । বিশ্ববিদ্যালয়ৰ চৌহদত সৃষ্টি হয় তীব্র উত্তেজনাৰ ।জামিয়া - মিলিয়া বিশ্ববিদ্যালয়তো তথ্যচিত্ৰখনৰ প্ৰদৰ্শনক লৈ উত্তেজনা সৃষ্টি হয় । তথ্যচিত্ৰখনৰ প্ৰদৰ্শনৰ বাবে উদ্যোগ লৈ থকাৰ মাজতে আৰক্ষীয়ে বিশ্ববিদ্যালয় চৌহদৰ পৰা ২৩ জন ছাত্ৰক গ্ৰেপ্তাৰ কৰি নিয়ে । এইবাৰ সেই একেই পৰিস্থিতি বিৰাজ কৰিছে দিল্লী বিশ্ববিদ্যালয়ত । স্থানীয় প্রশাসনে বিশ্ববিদ্যালয়খনত শেহতীয়াকৈ ১৪৪ ধাৰা আইনৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰাৰ লগতে মোতায়েন কৰিছে বিশাল নিৰাপত্তাবাহিনী ।। আৰক্ষীয়ে এই পৰিস্থিতিৰ মাজতে বিশ্ববিদ্যালয় চৌহদৰ পৰা ২৪ জন শিক্ষাৰ্থীক আটক কৰি নিয়ে । ইপিনে এনে পৰিস্থিতিৰ মাজতে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ তথ্য আৰু সম্প্ৰচাৰ মন্ত্রণালয়ে টুইটাৰ আৰু ইউ টিউবক তথ্যচিত্ৰখন শ্বেয়াৰ কৰা একাউণ্টসমূহ ব্লক কৰাৰ বাবে নির্দেশ দিয়ে । ফলত টুইটাৰ আৰু ইউটিউবৰ পৰা তথ্যচিত্ৰখনৰ ভিডিঅ’সমূহ নাইকিয়া হৈ পৰে । স্বাভাৱিকতে ‘ ইণ্ডিয়া দ্য মোদী কুৱেশ্বন ’ নামৰ তথ্যচিত্ৰখনক লৈ শাসনাধিষ্ঠিত চৰকাৰখনে প্ৰদৰ্শন কৰা এনে আচৰণক লৈ বিতৰ্কই বিৰাজ কৰিছে ।

No comments