Breaking News

আর্থিক বিপৰ্যয়ৰ সন্মুখত থিয় হৈ আছে আদানী গ্ৰুপৰ কোম্পানী


 ডিজিটেল ডেস্ক....
৪ লাখ কোটিৰো অধিক লোকচান..... আর্থিক বিপৰ্যয়ৰ সন্মুখত থিয় হৈ আছে আদানী গ্ৰুপৰ কোম্পানী বিলাক । ঋণৰ বোজাত  পতন ঘটিব পাৰে আদানীৰ ব্যৱসায়ীক সাম্রাজ্য । বিগত সপ্তাহত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ নামৰ মার্কিন সংস্থাটোৱে ৰাজহুৱা কৰিছিল আদানীৰ ব্যৱসায়ীক সাম্ৰাজ্য পতনৰ ...গৌতম আদানি মার্কিন সংস্থাৰ নেতিবাচক ৰিপ'ৰ্ট এক বিস্তৃত প্রতিবেদন । এই নেতিবাচক প্রতিবেদন ৰাজহুৱা হোৱাৰ পিছতে আদানী গ্ৰুপৰ ৭ টা কোম্পানীৰ শ্বেয়াৰৰ মূল্য অভাবনীয়ভাবে হ্রাস পায় । প্রায় দুবছৰ ধৰি গৱেষণা কৰাৰ অন্তত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে ১০৬ পৃষ্ঠাৰ এই বৃহৎ প্রতিবেদন ৰাজহুৱা কৰে । শ্বেয়াৰৰ মূল্য অভাবনীয়ভাৱে হ্রাস পোৱাৰ ফলত বুধবাৰৰ দিনটোতে আদানীৰ মুঠ সম্পত্তিৰ মূল্য ৬০০ কোটি ডলাৰ কমি যায় । বিশ্বৰ তৃতীয় ধনী লোক হিচাপে বিবেচিত আদানীৰ মুঠ সম্পত্তিৰ মূল্য প্রায় ১২ হাজাৰ কোটি ডলাৰ । অষ্ট্ৰেলিয়াৰ কয়লাখনিৰ পৰা ভাৰতৰ বন্দৰ পর্যন্ত সকলোতে ব্যৱসায়ীক সাম্রাজ্য গঢ়ি তুলিছে আদানীয়ে ।শুকুৰবাৰে শ্বেয়াৰ বজাৰত আদানী এণ্টাৰপ্ৰাইজে ১৮ শতাংশ , আদানী পোর্টে ১৬ শতাংশ , আদানী ট্ৰেন্সমিছন আৰু আদানী গ্রীণ এনার্জীয়ে ১৯.৯৯ শতাংশ , আদানী গেছে ২০ শতাংশ আৰু আদানী পাৱাৰে ৫ শতাংশ লোকচানৰ সন্মুখীন হয় ।  প্ৰতিদিনে লাখ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ ফলত বিনিয়োগকাৰীৰ পৰা তীব্র হেচাৰ সন্মুখীন হৈছে আদানী গ্রুপে ।

No comments