Breaking News

৩৬ বছৰ বয়সত গ্ৰেণ্ড শ্লেম টেনিছক বিদায় জনালে ভাৰতীয় টেনিছৰ সফলতম মহিলা খেলুৱৈ ছানিয়া মির্জাই

 


ডিজিটেল ডেস্ক: ৩৬ বছৰ বয়সত গ্ৰেণ্ড শ্লেম টেনিছক বিদায় জনালে ভাৰতীয় টেনিছৰ সফলতম মহিলা খেলুৱৈ ছানিয়া মির্জাই । সতীৰ্থ ৰোহন বোপান্নাৰ সৈতে খেলি অষ্ট্ৰেলিয়ান অ'পেনৰ মিক্সড্ ডাবলছৰ ফাইনেলত শুকুৰবাৰে ছানিয়া ব্রাজিলৰ লুইছা ষ্টেফানি আৰু ৰাফেল মাতোেছ যুটিৰ হাতত পৰাস্ত হয় ৬-৭ ( ২-৭ ) , ২-৭ ব্যৱধানত । কেৰিয়াৰৰ অন্তিমখন গ্ৰেণ্ড শ্লেমত ৰানাৰ আপতে সন্তুষ্ট থাকিবলগীয়া হ’ল । ছটা গ্ৰেণ্ড শ্লেম খিতাপৰ অন্তিমটো জয় কৰিছিল সাত বছৰ পূৰ্বে । শেহতীয়া ফৰ্ম বৰ সন্তোষজনক নাছিল । এই কথাটো বিবেচনা কৰিয়েই আৰু পৰিয়ালক অধিক সময় দিয়াৰ উদ্দেশ্যৰে পূৰ্বেই অৱসৰৰ সিদ্ধান্ত লৈছিল । অহা মাহত ডুবাইত হ’বলগীয়া ডব্লিউ টি এ টুর্নামেন্টখন হ’ব ছানিয়াৰ টেনিছ কেৰিয়াৰৰ অন্তিমখন খেল । ছানিয়াৰ নামত আছে গ্ৰেণ্ড শ্লেমৰ তিনিটাকৈ ডাবলছ আৰু মিক্সড্ ডাবলছ খিতাপ । মহেশ ভূপতিৰ সৈতে খেলুৱৈগৰাকীয়ে ২০০৯ চনৰ অষ্ট্ৰেলিয়ান অ'পেন আৰু ২০১২ চনৰ ফ্ৰেন্স অ'পেনৰ মিক্সড্ ডাবলছৰ খিতাপ জয় কৰিছিল । তাৰ পাছত ২০১৪ চনত ব্ৰাজিলৰ ব্রুনো ছ'ৰেছৰ সৈতে জয় কৰিছিল ইউ এছ অ'পেনৰ মিক্সড্ ডাবলছৰ খিতাপ । আনহাতে , ২০১৫ চনত ছানিয়াই উইম্বলডন আৰু ইউ এছ অ'পেনৰ লগতে ২০১৬ চনত অস্ট্রেলিয়ান অ’পেনৰ মহিলাৰ ডাবলছ খিতাপ জয় কৰিছে । গ্ৰেণ্ড শ্লেম ছিংগলছ খিতাপ জয় কৰাটো সম্ভৱ নহ'লেও ছানিয়া উপনীত হৈছিল ডাবলছ ৰেংকিঙৰ শীৰ্ষস্থানত , যিটো হৈছে ভাৰতীয় খেলুৱৈ এগৰাকীৰ বাবে এটা ডাঙৰ কৃতিত্ব । 

No comments