Breaking News

নৱ নির্মিত আমগুৰি চাহ বাগিছা আদৰ্শ উচচ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় নতুন কৈ চাৰিটি কোঠাৰ আধাশিলা



নৱ নির্মিত আমগুৰি চাহ বাগিছা আদৰ্শ উচচ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হয় নতুন কৈ চাৰিটি কোঠাৰ আধাশিলা॥ আধাশিলা কৰে শ্রীশ্রী আদ দেওপানী  গজলা  সত্ৰৰ সত্ৰাধিকাৰ  দেৱ কুমাৰ মহন্তই । আমগুৰি চাহ বাগিছাৰ পৰিচালক  এন.এন.ডচোজা  আৰু  হালোৱাটিং গাঁও পঞ্চায়তৰ  সভাপতি সুভাষ  প্ৰধানয়ে বৃক্ষ ৰোপনেৰে  অনুষ্ঠানৰ  শুভাৰম্ভ  কৰে॥ উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি  বিদ্যালয়ৰ  ছাত্ৰ একতা সভাৰ  দ্বাৰা পথম বাৰৰ বাবে প্ৰকাশ কৰা প্রাচীৰ পত্রিকা ‘কুঁহিপাত’ৰ শুভ  উদ্বোধন  কৰে চাহ বাগিচাৰ পৰিচালক এন.এন.ডচোজায়ে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কেউটি অনুষ্ঠানত পৰিচালনা সমিতি  সভাপতি দেবদত্ত মুখাৰ্জী আৰু বিষয় ববীয়াসকল, বিদ্যালয়ৰ অধ্যক্ষ  বিপ্লৱ মহন্ত, স্থানীয় ৰাইজ, বিদ্যালয়ৰসমূহ  শিক্ষক-শিক্ষয়িত্রী আৰু ছাত্র-ছাত্রীসকল  উপস্থিত  থাকি অনুষ্ঠানটি জীপাল কৰি তোলে।

No comments