Breaking News

আগন্তুক বৰ্ষৰ পৰা খানাপাৱা পশু চিকিৎসা মহাবিদ্যালয়ত অসম গ্রন্থমেলা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা

 


ডিজিটেল ডেস্ক:অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাই আয়োজন কৰা এই গ্ৰন্থমেলাখনক জনসাধাৰণে আগ্ৰহেৰে আদৰি লোৱাৰ পৰিপ্ৰেক্ষিতত অহা বছৰৰ পৰা খানাপাৰা খেলপথাৰত এই গ্রন্থমেলাখন আয়োজন কৰাৰ চিন্তা - চৰ্চা কৰা হৈছে । অসম গ্রন্থমেলা , গুৱাহাটীৰ সামৰণী অনুষ্ঠানত এই কথা প্রকাশ কৰে ৰাজ্যৰ শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেশুৱেঅসম গ্রন্থমেলা , গুৱাহাটীৰ সামৰণী অনুষ্ঠানত এই কথা প্রকাশ কৰে  । চানমাৰিস্থিত অসম অভিযান্ত্রিক প্রতিষ্ঠান খেলপথাৰত ১২ দিনীয়াকৈ আয়োজন কৰা অসম গ্রন্থমেলা , গুৱাহাটীৰ আজি সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি শিক্ষা মন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেশুৱে কয় যে প্রাইভেট পাব্লিক পার্টনাৰশ্বিপ ব্যৱস্থাৰ এক উৎকৃষ্ট নিদর্শন হ’ল অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাই সফলতাৰে আয়োজন কৰা এইখন গ্ৰন্থমেলা ।আনহাতে অনুবাদ সাহিত্যৰ প্ৰসাৰৰ বাবে প্ৰকাশন পৰিষদে অনুবাদ সাহিত্যৰ বাবে বঁটা প্ৰৱৰ্তন কৰিব সেয়েহে আগন্তুক বৰ্ষত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্রন্থমেলা অনুষ্ঠিত কৰিব পাৰি নেকি , সেই বিষয়ে চিন্তা - চৰ্চা কৰা হৈছে । তেওঁ লেখক - প্রকাশকসকলক গ্ৰন্থ সম্পাদনাত গুৰুত্ব প্ৰদান কৰিবলৈ আহ্বান জনাই কয় যে কেৱল কাকত - আলোচনীয়ে নহয় , কিতাপো সম্পাদনা কৰা উচিত । উন্নত দেশত পেছাদাৰী সম্পাদকে কিতাপ সম্পাদনা কৰে ।অসম প্ৰকাশন পৰিষদে আগন্তুক বৰ্ষৰ পৰা অনুবাদ সাহিত্য বঁটা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও তেওঁ ঘোষণা কৰে । ইয়াত প্ৰথম পুৰস্কাৰত থাকিব ১ লাখ টকা আৰু দ্বিতীয় পুৰস্কাৰত ৫০ হাজাৰ টকা । সভাত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰি মেঘালয়ৰ প্ৰাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰীয়ে কয় যে অসম গ্রন্থমেলা অসমৰ এক পৰিচয়ত পৰিণত হৈছে । তেওঁ কয় যে মানুহৰ সুখৰ আধাৰ হৈছে জ্ঞান । এই জ্ঞান পুথিৰ পৰা অৰ্জন কৰিব পাৰি । কিতাপ নোহোৱা সমাজ এখন কল্পনা কৰিবও নোৱাৰি । আজিকালি ডিজিটেল পুথিভঁৰাল হৈছে । ইয়াতো পুথি নিৰ্বাচন কৰি পঢ়িব পাৰি । সকলো গ্ৰন্থৰে নিজস্ব প্ৰভাৱ থাকে । কিতাপৰ দ্বাৰা প্ৰভাৱান্বিত হৈ মানুহে জ্ঞানৰ নতুন পোহৰ বিচাৰি পায় । এই পোহৰত ব্যক্তি জীৱন আৰু সমাজ - জীৱন উজলি উঠে । বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট বিজ্ঞানী ড ° দীনেশ গোস্বামীয়ে কয় যে নতুন প্রজন্মক গ্রন্থ অধ্যয়নৰ প্ৰতি উৎসাহিত কৰিব লাগিব ।   এইখন গ্ৰন্থমেলাৰ ১২ দিনত ৫ কোটি ৫৩ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি জনাইছে ...

No comments