Breaking News

পুনৰ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ


 ডিজিটেল ডেস্ক: 
সোমবাৰে  তিনিচুকীয়া জিলা ডুমডুমা বন সংমণ্ডলৰ ২নং টকৌৱনী বনাঞ্চলত এটা বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। উদ্ধাৰ হোৱা হাতীটো মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও মৃতদেহটো ফুলি যোৱা দেখি  হাতীটো  মৃত্যু কেইবাদিনৰ  আগত হোৱা বুলি  নিশ্চিত হৈছে। মৃত হাতীটোৱে এখন ভৰিত আঘাত পাই থকাৰ বাবে ভালকৈ খোজ কাঢ়িব পৰা নাছিল। হাতীটোৱে আন হাতীৰ লগত যুঁজ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বা  চোৰাং চিকাৰীয়ে আঘাত কৰা বুলি সন্দেহ কৰা হৈছে। অৱশ্যে হাতীটোৰ মৃত্যুৰ কাৰণ এতিয়াও বন বিভাগে স্পষ্ট কৰা নাই।  বনাঞ্চলৰ অলপ‌ দূৰত থকা ডিব্ৰু নৈৰ পাৰত প্ৰকৃতি সুৰক্ষাৰ শ্ল'গানেৰে যোৱা ১, ২ আৰু ৩ জানুৱাৰীত অনুষ্ঠিত হৈছিল নাজিৰাটিং তামুলী পৰ্যটন উৎসৱ। উৎসৱৰ কিছুদিনৰ পিচতেই এটা হাতীৰ মৃত্যু হোৱাত প্ৰকৃতিপ্ৰেমীয়ে শোক প্ৰকাশ কৰিছে।

No comments