Breaking News

তামিলনাডুত ৰক্ত কলাৰ ভয়ানক পৰিস্থিতি দেখা দিছে।

 


ডিজিটেল ডেস্ক: ৰাজ্যখনত 'ৰক্ত কলা' নামৰ এক নতুন কলা প্ৰদৰ্শন জনপ্রিয় হৈ পৰাত চৰকাৰো আতংকিত হ'বলগীয়া হৈছে। উপায় নোপোৱাত  চৰকাৰে স্বাস্থ্য সম্বন্ধীয় নিৰাপত্তাৰ স্বাৰ্থত 'ৰক্ত কলা' নিষিদ্ধ ঘোষণা কৰিবলৈ বাধ্য হৈছে।  নিজৰ শৰীৰৰ তেজেৰে ছবি আঁকি  সেয়া প্রিয়জনক উপহাৰ প্ৰদান কৰাই ৰক্ত কলাৰ এক অন্যতম লক্ষ্য। বিগত বৰ্ষৰ যোৱা ২৮ ডিচেম্বৰত তামিলনাডুৰ স্বাস্থ্য মন্ত্রী এম এ সূৰমণিয়মে চেন্নাইত তেজৰ দ্বাৰা ছবি প্ৰস্তুত কৰা এটা ষ্টুডিঅ'ত উপস্থিত হৈছিল। ষ্টুডিঅ'টোত তেজেৰে চিত্ৰ প্ৰস্তুত  কৰাৰ বাবে কাঁচৰ বটলত তেজেৰে চিত্র প্ৰস্তুত কৰি প্রিয়জনক উপহাৰ দিয়াৰ নতুন ট্রেণ্ডিং বিষয়টো ধৰা পেলায়।যদিও  ৰাজ্যখনত গোপনে অব্যাহত আছে ৰক্ত কলাৰ এই ভয়ানক প্রৱণতা। এনেদৰে তেজেৰে চিত্র প্ৰস্তুতৰ পৰিণতিত মানুহ হেপাটাইটিছ বি, হেপাটাইটিছ চি আৰু এইচ আই ভি আক্রান্ত হোৱা পূর্ণ সম্ভাৱনা  আছে।  এখন এ থ্ৰি পেজত ৰক্ত কলাৰ বাবে প্রয়োজন হয় ১০ এম এল তেজ। আনহাতে এ ফৰ ত এনে চিত্ৰৰ বাবে লাগে ৫ এ এম এল তেজ। এই দৃশ্য প্ৰেমিক/প্ৰেমিকাক  প্ৰেম প্ৰকাশ কৰিবলৈ গোপনে ৰক্ত কলাৰ আশ্ৰয় লোৱা দেখা গৈছে।

No comments