Breaking News

অসমবাসীৰ বাবে সুখবৰ।

 


ডিজিটেল ডেস্ক: 
শনিবাৰে  জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত  মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে চৰাইদেউৰ মৈদামক ইউনেস্ক' বিশ্ব ঐতিহ্য ক্ষেত্র স্বীকৃতিৰ বাবে ভাৰতৰ তৰফৰ পৰা মনোনীত কৰা হৈছে। লগতে  তেওঁ কয় যে  ২০১৪ চনৰ পৰা চৰাইদেউৰ মৈদামে যাতে ইউনেস্ক'ৰবিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভ কৰে তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছিলোঁ। এইবাৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ইউনেস্ক' বিশ্ব ঐতিহ্য মৰমৰ কথা সকলোকে বুজাই দিলে। চৰাইদেউ মৈদামে ইউনেস্ক'ৰ এই স্বীকৃতি লাভ কৰিলে কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পাছত অসমৰ তৃতীয় বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে পৰিগণিত হ'ব। ৰাজ্য চৰকাৰখনে ২০১৪ চনত প্ৰথম চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে প্রস্তাব দিছিল। কিন্তু  আমি চৰকাৰক সৈমান কৰিব পৰা নাছিলোঁ। এইবাৰ ৫২টা ক্ষেত্ৰত ভিতৰত ভাৰতে প্ৰেৰণ কৰা একমাত্র মনোনয়ন-পত্ৰখন হৈছে চৰাইদেউৰ। চৰাইদেউৰ মৈদামে যাতে এই স্বীকৃতি লাভ কৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ কথা অৱগত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ২০১৯-২০ চনত আমি ২৫ কোটি টকা আবণ্টন দি এটা ডচিয়াৰ প্ৰস্তুতৰ দিহা কৰিছিলোঁ । ইয়াৰ পাছত  শুক্ৰবাৰে আমি এই ভাল খবৰটো লাভ কৰিলোঁ। ইউনেস্ক' ৪. বিশ্ব ঐতিহ্য ক্ষেত্র স্বীকৃতিৰ বাবে নাম প্ৰেৰণৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ বিশেষিধাকাৰ থাকে বুলি জানিবলৈ দি তেওঁ লগতে কয় যে প্রধানমন্ত্রীয়ে ঠিক কৰে কাৰ নাম প্ৰেৰণ কৰিব। এইবাৰ মূল বাছনিলৈ চাৰিখন ঠাইৰ নাম আহিছিল। এই চাৰিখনৰ ভিতৰত প্রধানমন্ত্ৰীয়ে অসমৰ চৰাইদেউৰ নাম মনোনীত কৰে। এই মনোনয়ন শনিবাৰে  নিশা পেৰিছলৈ প্ৰেৰণ কৰা হয়। অহা ছেপ্টেম্বৰত ইউনেস্ক'ৰ দল আহি চৰাইদেউ পৰিদৰ্শন কৰি সকলো ঠিকে ঠাকে থাকিলে অহা বৰ্ষৰ মাৰ্চত স্বীকৃতি প্ৰদান কৰিব । আনহাতে শনিবাৰৰ  পৰা চৰাইদেউৰ মৈদাম ৰাষ্ট্ৰীয় মর্যাদাৰ সৈতে জড়িত হৈ পৰিল বুলি উল্লেখ কৰে। তেওঁ লগতে কয় এতিয়াৰ  পৰা চৰাইদেউবাসীৰ দায়িত্ব হ'ব মৈদাম ক্ষেত্ৰ ভালকৈ ৰখাৰ ইফালে বিভাগীয় মন্ত্রী নন্দিতা গালোছাৰ লগতে মন্ত্ৰী কেশৱ মহন্ত সমগ্ৰ বিষয়টোত জড়িত হৈ আছিল বুলি মত প্ৰকাশ কৰি ড° শৰ্মাই জনায় যে প্রধানমন্ত্ৰীৰ সদিচ্ছাৰ বাবেই এইখিনি সম্ভৱ হৈছে ।

No comments