Breaking News

২৬ জানুৱাৰীলৈ জাৰৰ প্ৰকোপ বৃদ্ধি

 


ডিজিটেল ডেস্ক:২৬ জানুৱাৰীলৈ জাৰৰ প্ৰকোপ বৃদ্ধি....বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানী সুমিত দাসে সদৰি কৰা অনুসৰি পূৰ্বৰ তুলনাত শীত অলপ পলমকৈ আহিছে যদিও বিগত প্রায় এমাহ ধৰি অসম , অৰুণাচল প্রদেশ , মেঘালয়কে ধৰি উত্তৰ - পূবৰ আটাইকেইখন ৰাজ্যই শীতৰ কৱলত পৰিছে । নাগালেণ্ডৰ ৰাজধানী চহৰ কহিমা , মণিপুৰৰ ৰাজধানী চহৰ ইম্ফল , মিজোৰামৰ ৰাজধানী চহৰ আইজল , অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰৰ নিম্নতম তাপমাত্রা পূবৰ স্কটলেণ্ড হিচাপে পৰিচিত শ্বিলং চহৰতকৈ কমি গৈছে । তেনেদৰে যোৰহাট , উত্তৰ লখিমপুৰকে ধৰি উজনি আৰু উত্তৰ অসমৰ অঞ্চলত প্রায় এমাহ নিশাৰ ভাগত অভাৱনীয়ভাবে শীতৰ কৱলত পৰাৰ ফলত নিশা স্বাভাৱিক জনজীৱন ব্যাহত হৈ পৰিছে । শনিবাৰ সন্ধিয়া পর্যন্ত ২৪ ঘণ্টাত শিলং চহৰৰ নিম্নতম তাপমাত্রা আছিল ৪.৯ ডিগ্রী চেলচিয়াছ । ইয়াৰ বিপৰীতে ইম্ফলৰ নিম্নতম তাপমাত্রা ২.৪ ডিগ্রী চেলচিয়াছ , আইজলৰ নিম্নতম তাপমাত্রা ৪.৫ ডিগ্রী চেলচিয়াছ , কহিমাৰ নিম্নতম তাপমাত্রা ৪.২ ডিগ্রী চেলচিয়াছ আৰু ইটানগৰৰ নিম্নতম তাপমাত্রা আছিল ৪.৪ ডিগ্রী চেলচিয়াছ ।  অসমৰ  কেইখনমান চহৰৰ   নিম্নতম তাপমাত্রা আছিল  — গুৱাহাটীৰ ৯.৪ ডিগ্রী , ডিব্ৰুগড়ৰ ৯.২ ডিগ্ৰী , তেজপুৰৰ ৯.৫ ডিগ্ৰী , শিলচৰৰ ৯.০ ডিগ্ৰী , ধুবুৰীৰ 10.7 ডিগ্ৰী , যোৰহাটৰ ৭.০ ডিগ্ৰী , উত্তৰ লখিমপুৰৰ ৭.২ ডিগ্ৰী চেলচিয়াছ ।ডিমা হাছাও জিলাৰ বেছিভাগ অঞ্চলতে নিশাৰ তাপমাত্রা শ্বিলং চহৰতকৈ কিছু তলত আছে । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই ২৬ জানুৱাৰীৰ গণৰাজ্য দিৱসৰ সময়লৈকে অসমকে ধৰি চুবুৰীয়া আটাইকেইখন ৰাজ্যতে  জাৰৰ বাবে স্বাভাৱিক জনজীৱনত  প্ৰভাৱ পৰিব । 

No comments