Breaking News

অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জপিয়াই আত্মহত্যা এয়াৰ হোষ্টেছ দেৱপ্ৰিয়াৰ



কলকাতাৰ এগৰাকী এয়াৰ হোষ্টেছে শনিবাৰে নিয়মীয়া কামৰ অভাৱৰ বাবেই মানসিক সমস্যাত ভুগি কলকাতাৰ এটা অট্টালিকাৰ চতুৰ্থ মহলাৰ পৰা জঁপিয়াই আত্মহত্যা কৰা ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্যৰ। মৃত এয়াৰ হোষ্টেছগৰাকী ২৭ বছৰীয়া দেবোপ্ৰিয়া বিশ্বাস বুলি চিনাক্ত কৰা হৈছে। বিশ্বাস কলকাতাৰ প্ৰগতি ময়দান আৰক্ষী থানা অঞ্চলৰ অধীনৰ মেট্ৰ'পলিটান কো-অপাৰেটিভ হাউচিং চ'চাইটিৰ বাসিন্দা আছিল।

'নিয়মীয়া কামৰ অভাৱ'ৰ বাবে মানসিকভাৱে ভাগি পৰাৰ বাবেই এই পথ বাচি লোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।  

আৰক্ষীয় সূত্ৰে প্ৰকাশ কৰা অনুসৰি "অট্টালিকাটোৰ পৰা জপিয়াই দিয়াৰ পাছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দেৱপ্ৰিয়াক ততাতৈয়াকৈ এছএছকেএম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হৈছিল দেৱপ্ৰিয়া।  

ঘটনাৰ সন্দৰ্ভত  চলোৱা অনুসন্ধানত ভুক্তভোগীৰ পৰিয়ালৰ পৰা জনা গৈছিল যে যোৱা দুবছৰ ধৰি নিয়মীয়া কামৰ অভাৱৰ বাবে তেওঁ দীৰ্ঘদিন ধৰি হতাশা আৰু মানসিক সমস্যাত ভুগি আছিল। 

No comments