Breaking News

আলফা আৰু চৰকাৰৰ দুটা বেলেগ দৃষ্টিভংগীৰ বাবে সম্ভৱ হোৱা‌ নাই আলোচনা



ডিজিটেল ডেস্ক: 
আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লগত যিকোনো সময়তে ৰ্বাতালাপৰ বাবে পথ খোলা আছে চৰকাৰৰ এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব ৰ্শমাই দেওবাৰে কইনাধৰাৰ ৰাজ্যিক অতিথিশালত অনুষ্ঠিত 'নতুন দিনৰ আলাপ' অনুষ্ঠানত।মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকৰ আগত জানিব দিয়ে যে পৰেশ বৰুৱাৰ লগত হোৱা ৰ্বাতালাপ ৰ্পূণভাৱে চলি আছে আৰু ইয়াৰ সু-ফল সমাজত পৰিছে! তেওঁ কয় যোৱা দুবছৰত  বিশেষ একো কূটাঘাত মূলক কাম অসমত হোৱা নাই কিন্তু সাৰ্বভৌমত্বৰ দিশত অবিচল হৈ থকাৰ কাৰনে এটা মীমাংসাৰ পৰ্যায়ত কোনেও আহিব পৰা‌ নাই কাৰন বৰুৱাই সাৰ্বভৌমত্ববাহিৰে কথা নাপাতে ।সেইয়েহে ৰাইজে পৰেশ বৰুৱাক কব লাগিব আমি সাৰ্বভৌমত্ব নিবিচাৰো আপুনি সাৰ্বভৌমত্ব এৰি দিলে ৰাইজে আপোনাক বিশ্বাসঘাটক বুলি নাভাবে ।এনে কৰিলেহে কিবা এটা  সমাধানৰ সূত্ৰ বাহিৰ হয়।লগতে শৰ্মাই কয় যে মই সাৰ্বভৌমত্ব  এৰিব নোৱাৰো মই সাৰ্বভৌমত্বৰ ওপৰত আলোচনা কৰিলে মোৰ চকীয়ে যাব।দুই পক্ষৰ দুটা বেলেগ দৃষ্টিৰ বাবে আজিৰ তাৰিখত সম্ভৱ হোৱা‌ নাই আলোচনা 

No comments