Breaking News

ভাৰতৰ বিভিন্ন ৰাজ্যত সৰিয়হৰ উৎপাদনৰ ভূমিৰ পৰিমাণ বৃদ্ধি পাইছে



 ডিজিটেল ডেস্ক:ৰবি শস্য উৎপাদন হোৱাৰ সময়ছোৱাত ভাৰতৰ বিভিন্ন ৰাজ্যত সৰিয়হৰ উৎপাদনৰ ভূমিৰ পৰিমাণ বৃদ্ধি পাইছে । ভাৰতত বিগত ৫ বছৰৰ ভিতৰত এই হাৰ সৰ্বাধিক হৈছেগৈ । সৰিয়হৰ উৎপাদন ভূমিৰ পৰিমাণ বৃদ্ধিয়ে ঘৰুৱা চাহিদা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব । সৰিয়হৰ উৎপাদন সন্দৰ্ভত  কেন্দ্রীয় কৃষি মন্ত্রালয়ে ২০২১ চনৰ আগষ্ট মাহত অইল পাম আঁচনি মুকলি কৰাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা মিছনৰ অধীনত সৰিয়হৰ তেলৰ উৎপাদন বৃদ্ধিৰ বাবেও বিভিন্ন কাৰ্যসূচী মুকলি কৰিছে ।ৰবি শস্য উৎপাদনৰ সময়ছোৱাত অসমৰ দৰে ৰাজ্যসমূহত অন্যান্য ৰবি শস্যৰ তুলনাত সৰিয়হৰ উৎপাদনত গুৰুত্ব আৰোপ কৰিছে কৃষকসকলে । ৰাজস্থান , মধ্যপ্ৰদেশ আৰু হাৰিয়ানাৰ দৰে ৰাজ্যত পূৰঠ হোৱাৰ বাবে সময় লাগে ১৫০ দিন ।পূব ভাৰতৰ ৰাজ্যকেইখনত এনে বীজ অধিক হাৰত উৎপাদন কৰাৰ বাবে নতুন আঁচনি গ্রহণ কৰিছে কৃষি মন্ত্রালয়ে ।  বিত্তীয় বৰ্ষত ৰবি শস্য চপোৱাৰ সময়ছোৱাত প্রায় ২.৪ নিযুত হেক্টৰ  ভূমিত সৰিয়হ উৎপাদন কৰা হৈছে । বিগত ৫ বছৰৰ ভিতৰত এই হাৰ ৪৯ শতাংশৰো অধিক । এইদৰে অসমত এইবাৰ প্ৰায় ০.৩ নিযুত হেক্টৰ  ভূমিত সৰিয়হ উৎপাদন কৰা হৈছে । । সমগ্ৰ দেশৰ ভিতৰতে ৰাজস্থানত প্রায় ৪১ শতাংশ সৰিয়হ উৎপাদন হৈ আহিছে ।  চলিত বৰ্ষতো চৰকাৰে নিৰ্ধাৰণ কৰা প্রতি কুইণ্টলত ৫,৪৫০ টকাৰ ২০ শতাংশ অধিক মূল্য কৃষকে লাভ কৰিব বুলি আশা কৰা হৈছে । 

No comments