Breaking News

বাৰে বাৰ ব্যৰ্থ 'কা'ৰ বিধি দাখিলত কেন্দ্ৰীয় চৰকাৰ

 


ডিজিটেল ডেস্ক:কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সপ্তমবাৰৰ বাবে আকৌ ন্যায়ালয়ৰ পৰা সময় বিচাৰে।নাগৰিকত্ব সংশোধনী আইন ৰ বিধি প্ৰস্তুত কৰি দাখিল কৰিবৰ বাবে দিয়া নির্দেশ পালনত শনিবাৰে ব্যৰ্থ হৈ কেন্দ্ৰই আকৌ ন্যায়ালয়ৰ পৰা ছমাহ সময় বিচাৰে। বিধিসমূহ নির্দিষ্ট নোহোৱা বাবে নাগৰিকত্ব সংশোধনী আইনখন ৰূপায়ণ হোৱা নাই ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগত অহা মুছলমানৰ বাদে আন ধৰ্মৰ বিদেশীক কোনো নথি-পত্ৰৰ প্ৰয়োজন নোহোৱাকৈ নাগৰিকত্ব দিবলৈ কেন্দ্ৰই এই আইনখন ২০১৯ চনত প্ৰণয়ন কৰে। এই আইনখনেৰে বিশেষকৈ হিন্দু বুলি বহু বিদেশীক অসমকে ধৰি দেশৰ কিছুমান স্থানত ভাৰতীয় নাগৰিকত্ব দিয়াৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে বৃহৎ আন্দোলন হৈছিল। অসমৰ লগতে উত্তৰ প্ৰদেশ, কৰ্ণাটক, মেঘালয় আৰু দিল্লীত অতি কমেও ৮৩ গৰাকী প্ৰতিবাদকাৰীৰ মৃত্যু হৈছিল। যোৱা ২৪ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ক’ভিডৰ বাবে বিধি প্রস্তুত কৰাত বিলম্ব হোৱা বুলি কৈছিল। লগতে নতুন আইনখনক লৈ বিভিন্ন আলোচনা  চলিছে যদিও দেশত 'কা' বলৱৎ হ'বই বুলি অমিত শ্বাহে দৃঢ়তাৰে কয়।

No comments