Breaking News

ভয়ংকৰ বিপদত হিমালয়ৰ পাদদেশৰ চহৰ নৈনিতাল আৰু ধৰ্মীয় স্থান শিৱকাশী

 


ডিজিটেল ডেস্ক: উত্তৰাখণ্ডৰ গাড়োৱাল হিমালয়ৰ যোশীমঠৰ পিছত ভয়ংকৰ  বিপদৰ সংকেতে  হিমালয়ৰ পাদদেশৰ একাধিক চহৰ আৰু চহৰৰ বাসিন্দাক ভীতগস্ত কৰি তুলিছে।    উত্তৰাখণ্ডৰ পৰিচিত চহৰ নৈনিতাল আৰু ধৰ্মীয় স্থান শিৱকাশীও একেদৰে হিমালয়ৰ গৰ্ভত জাহ যাব বুলি বিশেষজ্ঞই মন্তব্য  কৰাত তীব্ৰ আতংকৰ সৃষ্টি হৈছে। মানৱসৃষ্ট অবাধ নির্মাণ কাৰ্যৰ ভৰৰ বাবেই ভৌগোলিক কাৰণত উত্তৰ কাশী-নৈনিতালো ভয়ংকৰ বিপদৰ গৰাহত ।  চহৰ দুখনৰ পৰিণতি যোশীমঠৰ দৰেই হ'বগৈ বুলি ভূতত্ববিদে সতর্কবাণী জাৰি কৰিছে। বিশ্বৰ অগণন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰস্থল নৈনিতাল আৰু গাড়োৱাল হিমালয়ৰ মন্দিৰ চহৰ উত্তৰকাশীৰ সমস্যাও যোশীমঠৰ সৈতে অনুৰূপ ভূমিৰ অবনমন  যোশীমঠত এতিয়া যি সমস্যাই গম্ভীৰ ৰূপ লৈছে সেই একে ভূমিস্খলন আৰু সকলো মানৱসৃষ্ট নির্মাণ ফাটি, ভাগি গৈ নৈনিতাল আৰু উত্তৰকাশীৰ পৰিস্থিতিও একে হ'বলৈ বেছি দিন বাকী নাই।   চহৰদুখনৰ ক্ষনভংগুৰতাক আওকান কৰি চৰকাৰী আৰু বেচৰকাৰী উভয় পক্ষই দুয়োখন চহৰতে অবাধে প্রচণ্ড গতিত নতুন  নির্মাণ কাৰ্য চলাই আছে। সেই ক্ষেত্ৰত চহৰখনৰ বহন ক্ষমতা কিমান সেয়া ভৌগলিকভাৱে আৰু বিজ্ঞানসন্মতভাৱে চৰকাৰে পৰীক্ষা কৰা নাই। ইয়াৰ বিপৰীতে চৰকাৰীভাৱে বিশাল আন্তঃগাঠনি, বাট-পথ নির্মাণেৰে চহৰ দুখনৰ ওপৰত অত্যধিক বোজা জাপি দিয়া হৈছে। একেদৰে বেচৰকাৰী খণ্ডক অবাধে নৈনিতাল আৰু উত্তৰকাশীত হোটেল, অট্টালিকা নিৰ্মাণ কৰিবলৈ অনুমতি দিয়া হৈছে। ভূতত্ববিদ বাহাদুৰ সিং কটলিয়াই কয়—'আমি বিগত দুই দশক ধৰি চৰকাৰক বাৰম্বাৰ সতর্ক কৰি আছো । নৈনিতাল আৰু উত্তৰকাশীৰ পৰিণতি কি হ'ব পাৰে সেয় বিশ্লেষণ কৰি বুজাই আছো । কাৰণ মানুহে ভূতত্ব, প্ৰকৃতিৰ বিৰুদ্ধে যুদ্ধ... কৰিব নোৱাৰে। এই সতর্কবাণী অনুধাৱন কৰি নিৰ্মাণ কাৰ্যত প্ৰতিবন্ধকতা আৰোপ কৰিলে ক্ষতি হ্ৰাস কৰিব পৰা যাব। কিন্তু চৰকাৰ আৰু প্ৰশাসনে আমাৰ কথা গুৰুত্ব দিয়া নাই। যেতিয়া চৰকাৰৰ চকু মুকলি হ'ব তেতিয়া এই বিপর্যয় ৰোধ কৰাৰ সময় উকলি যাব। 


No comments