Breaking News

অতিশীঘ্ৰে পৃথিৱীত আহি খুন্দা মাৰিবহি নাছাৰ ৩৮ বছৰ পুৰণি ই আৰ বি এছ উপগ্রহে।

 


ডিজিটেল ডেস্ক: 
 বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগতে উপগ্ৰহটোৰ অধিকাংশই ধ্বংস  হ'ব বুলি জনাইছে বিশ্বৰ সৰ্বশ্ৰেষ্ঠ মহাকাশ গৱেষণা কেন্দ্ৰ নাছাই।  এই উপগ্ৰহটোৰ ধ্বংসাৱশেষ কোনো লোকৰ ওপৰত নপৰে বুলি জনায়।  ২,৪৫০ কিল'গ্ৰাম ওজনৰ উপগ্ৰহটোৰ  কিছু অংশ হে পৃথিৱীত পৰাৰ সম্ভাৱনা আছে।   আমেৰিকাৰ প্ৰথমগৰাকী মহিলা মহাকাশচাৰী চেলা ৰাইডে স্পেচ শাটল চেলেঞ্জাৰ ৰব'টিক আৰ্মৰ পৰা কক্ষপথলৈ এই ই আৰ বি এছ উপগ্ৰহতো মুকলি কৰিছিল। এইটোৱেই আছিল প্ৰথমটো  মিছন। এগৰাকী আমেৰিকান মহিলাই‌ মহাকাশচাৰী কেথেৰিন ছুলিভানে মহাকাশ ভ্ৰমণ কৰিছিল। এই অভিযানত প্ৰথমবাৰৰ বাবে একেলগে  দুগৰাকী মহিলা মহাকাশচাৰীয়ে মহাকাশলৈ উৰা মাৰিছিল। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ তথ্যৰ ভিত্তিত নাছাৰ বহু মহাদেশৰ মাজেৰে পাৰ হ'ব এই উপগ্ৰহ । আফ্রিকা, এছিয়া, মধ্যপ্রাচ্য আৰু  উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজেৰেও পাৰ হোৱাৰ  আকাংশা আছে বুলি জনায়। ৩৮ বছৰৰ এই উপগ্ৰহ ই আৰ বি এছ ১৯৮৪ চনতে উৎক্ষেপণ কৰা হৈছিল। এই উপগ্ৰহৰ জৰিয়তে সূৰ্যৰ কিমান শক্তি পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰে আৰু পৃথিৱীৰ বায়ুমণ্ডলৰ সৈতে সংঘৰ্ষৰ পিছত কিমান শক্তি ঘূৰি আহে তাক জোখাৰ চেষ্টা কৰা হৈছিল। এই উপগ্ৰহটোৱে ২ বছৰৰ পৰিৱৰ্তে ২০০৫ চনলৈকে কাম কৰিছিল।

No comments