Breaking News

পেণ্টতে প্ৰস্ৰাৱ দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতিৰ



 ডিজিটেল ডেস্ক:চৰকাৰী কাৰ্যসূচীত পেণ্টতে প্ৰস্ৰাৱ দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতিৰ.... উত্তৰ আফ্ৰিকাৰ দেশ দক্ষিণ ছুডানৰ ৰাষ্ট্ৰপতি ছালভা কিৰে  ৰাষ্ট্ৰীয় সংগীত পৰিবেশনৰ মাজতে পেন্টত প্ৰস্ৰাৱ কৰাৰ ঘটনাই ৰাজনৈতিক মহলত তীব্র খলকনিৰ সৃষ্টি কৰিছে । । ৭১ বছৰীয়া ৰাষ্ট্ৰপতিগৰাকীয়ে চৰকাৰী কাৰ্যসূচীৰ সময়ত যেতিয়া ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল ,তেওঁৰ পেণ্টটো ক্রমান্বয়ে ভিজি অহা পৰিলক্ষিত হৈছিল । ২০১১ চনত দক্ষিণ ছুডানে স্বাধীনতা লাভ কৰাৰ পিচৰে পৰা ৰাষ্ট্ৰপতি হৈ আছে ছালভা .. অৱশ্যে চৰকাৰে সেই ভিডিঅ ' কোনো পৰিস্থিতিতে যাতে প্রচাৰ কৰা নহয় তাৰ বাবে কঠোৰ নির্দেশনা জাৰি কৰিছিল । কিন্তু ছজন সাংবাদিকে সেই ভিডিঅ ’ ছ'চিয়েল মিডিয়াত আপলোড কৰে ।আটাইকেইজন সাংবাদিককে গ্ৰেপ্তাৰ কৰা হয় । 

No comments