Breaking News

শিৱসাগৰৰ নাজিৰা আৰু শিমলুগুৰি ই- ৰিক্সা সন্থাৰ প্ৰতিবাদ


 ডিজিটেল সংবাদ, শিৱসাগৰ:
ই-ৰিক্সাৰ চলাচলত প্ৰশাসনৰ নিষেধাজ্ঞাৰ বিৰোধিতা সন্থাৰ ৰাজ্য চৰকাৰ তথা পৰিবহন বিভাগে যান বাহনৰ ক্ষেত্ৰত কঠোৰ নীতি অৱলম্বন কৰাৰ ক্ষণতে চালক সকলে বিভিন্ন সময়ত অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে । যাৰ বাবে যাতায়ত ব্যৱস্থাত বিপাঙত পৰিছে সাধাৰণ ৰাইজ । শিৱসাগৰৰ নাজিৰা আৰু শিমলুগুৰি ই-ৰিক্সা সন্থাৰ প্ৰতিবাদ । সন্থাই নগৰ দুখনত ই-ৰিক্সাৰ চলাচলত প্ৰশাসনৰ নিষেধাজ্ঞাৰ বিৰোধিতা কৰি সাব্যস্ত কৰিছে এই প্ৰতিবাদ । চালক সকলৰ অভিযুগ অনুসৰি নাজিৰা আৰু শিমলুগুৰি আৰক্ষীয়ে অনাহকতে জৰিমনা বিহি হাৰাশাস্তি কৰাৰ অভিযুগ তুলিছে ই-ৰিক্সা সন্থাই । এনে ধৰণৰ হাৰাশাস্তি বন্ধ কৰি প্ৰশাসনৰ নিষেধাজ্ঞা বাতিল নকৰিলে ভৱিষ্যতে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সংবাদ-মাধ্যমৰ আগত অৱগত কৰে নাজিৰা আৰু শিমলুগুৰি ই-ৰিক্সা সন্থাই ।

No comments