Breaking News

একশৰন ভাগৱতী সমাজ অসমৰ সোণালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনামৰ প্ৰস্তুতি তুংগত


 ডিজিটেল সংবাদ,টিয়ক: 
একশৰন ভাগৱতী সমাজ অসমৰ সোনালী জয়ন্তী বৰ্ষৰ প্ৰাদেশিক অধিবেশন আৰু মহাপালনাম অহা ২৭,২৮,২৯,৩০ জানুৱাৰীত যোৰহাট জিলাৰ লাহদৈগড়ৰ মেলেং মেটেলীস্থিত  পালনাম থানত অনুষ্ঠিত হ'ব । উৎযাপন সমিতিৰ বিষয়ববীয়া সকলৰ লগতে বিশেষকৈ কাৰ্যকৰী সমিতিৰ বিষ়য়ববীয়াৰ সৱল নেতৃত্বত সকলো প্ৰস্তুতি তুংগত উঠিছে । এক শৰণ ভাগৱতী  সমাজৰ প্ৰায় এশ গৰাকী আই মাতৃয়ে অধিৱেশন থলীত নৰা কটাৰ পৰা অন্যান্য কামত আত্মনিয়োগ কৰিছে । যোৰহাট জিলাৰ তৰুণ বিদ্যাৰ্থী সমাজ আৰু আই মাতৃসমাজৰ সকলো সদস্য সদস্যাই দিনে ৰাতিয়ে শ্ৰমদান কৰিছে । চাৰিদিনীয়াকৈ অনুষ্ঠিত হবলগীয়া অধিবেশনৰ অন্যান্য কাৰ্যসূচীৰ লগতে অসমৰ মুখ্যমন্ত্ৰীক বিশেষ বটা আৰু  সমাজৰ ১৫জন প্ৰাক্তন  প্ৰয়াত উপাচাৰ্য সকলক মৰনোত্তৰভাবে  আৰু কেইজনমান বিশেষ ব্যক্তিক বটা প্ৰদান কৰা হ'ব। লগতে সমাজৰ  এশগৰাকী বুঢ়াভকতক সম্বৰ্ধনা জনোৱা হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে । সকলোৰে সহায় সহযোগিতা অনুষ্ঠান ভাগি সাফল্য মণ্ডিত কৰি তুলিবলৈ উদযাপন সমিতিয়ে কামনা 

No comments