Breaking News

গোলাঘাটৰ মৰঙি তেলীয়া গাৱঁত এজনৰ সলিল সমাধি।


ডিজিটেল সংবাদ,নুমলীগড়:
পুখুৰীৰ পানীত পৰি মৃত্যু হয় ২২ বছৰীয়া যুৱকজনৰ। মৰঙিৰ তেলীয়া গাৱঁৰ ৰাজোৱাৰ বস্তিত সংঘটিত হয় এই ঘটনা। ঘৰৰ বাৰিৰ এটা পুখুৰীত পৰি মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজনৰ নাম ৰাজেশ ৰাজোৱাৰ ।  যুৱকজন বৃহ্পতিবাৰৰ বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল। আজি যুৱকজন ঘৰৰ বাৰীৰ চৌহদত থকা পুখুৰীত পৰিয়ালৰ লোকে অনুসন্ধান কৰি মৃত অবস্থাত যুৱকজনক উদ্ধাৰ কৰে ৷ ইতিমধ্যে নুমলীগড় আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোৱঁৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

No comments