Breaking News

বিশ্ব ঐতিহ্যস্থান হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত মাজুলীবাসী আশাভংগ হ'বলগীয়া হল




ডিজিটেল ডেস্ক.. চৰাইদেউৰ মৈদামক ইউনেস্কৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে ভাৰতৰ  পৰা প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে মনোনীত কৰে । শনিবাৰে জনতা ভৱনত অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই এই সিদ্ধান্ত সদৰি কৰে । প্রধানমন্ত্রী মোদীয়ে চৰাইদেউক মনোনীত কৰাৰ ফলত বিশ্ব ঐতিহ্যস্থান হিচাপে স্বীকৃতি লাভৰ ক্ষেত্ৰত মাজুলীবাসী আশাভংগ হ'বলগীয়া হয় ।  ড ° শৰ্মাই কয়— বহুদিনৰ পৰ ৷ চৰাইদেউৰ আহোম স্বৰ্গদেউ সকলৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি পাবলৈ চেষ্টা চলাই আহিছে অসম চৰকাৰে ।  আমাৰ দেশৰ ৫২ টা ঐতিহ্য ক্ষেত্র আছে । এই ৫২ টা ঐতিহ্য ক্ষেত্ৰই নিজৰ ভিতৰতে প্ৰতিযোগিতা কৰি আছে কৰণ এবছৰত এখন সদস্য ৰাষ্ট্ৰই এটাহে ক্ষেত্র ইউনেস্কলৈ পঠিয়াব পাৰে স্বীকৃতিৰ বাবে । ২০১৪ চনত চৰাইদেউৰ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপে স্বীকৃতি দিব লাগে বুলি অসম চৰকাৰে কেন্দ্ৰক প্রস্তাব দিয়ে । ৫২ টা মনোনয়নৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে অসমক বাছনি কৰে । ২০১৪ চনৰ পৰা চেষ্টা কৰি যেতিয়া আমি সফল হ'ব পৰা নাছিলো ২০১৯-২০ চনৰ বাজেটত ইয়াৰ বাবে ২৫ কোটি টকা আবণ্টন দিয়া হয় আৰু প্ৰতিবেদন প্ৰস্তুতৰ বাবে এটা প্ৰতিষ্ঠানক দায়িত্ব দিয়া হয় । দেশৰ পৰা ইউনেস্কলৈ কোনখন ক্ষেত্রই মনোনয়ন পাব সেয়া সম্পূর্ণরূপে প্ৰধানমন্ত্ৰীৰ ওপৰত নিৰ্ভৰ কৰে । ৫২ খনৰ পৰা চাৰিখন এলে প্রতিবেদন বাড়ি উলিওৱা হৈছিল । ৪ খনৰ পৰা প্ৰধানমন্ত্ৰীয়ে অসমক ভাৰতৰ মনোনয়ন হিচাপে ইউনিস্কলৈ প্ৰেৰণৰ সিদ্ধান্ত লয় । আজি নিশা পেৰিছলৈ এই মনোনয়ন প্ৰেৰণ কৰা হ'ব । অহা ছেপ্টম্বৰ মাহত ইউনেস্কৰ দল আহিব ক্ষেত্র ভিত্তিক পর্যবেক্ষণৰ বাবে । সকলো ঠিকে থাকিলে মার্চ মাহত সিদ্ধান্ত ঘোষণা কৰিব । ভাৰতত ৫০ টা বিশ্ব ঐতিহা ক্ষেত্র আছে । তাবে ৩২ টা সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ আৰু এটা প্রাকৃতিক ঐতিহ্য ক্ষেত্র । প্ৰাকৃতিক ঐতিহ্য ক্ষেত্ৰৰ ভিতৰত অসমৰ দুটা আছে । এখন কাজিৰঙা আৰু আনখন মানাস । প্রাকৃতিক ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে মাজুলীৰ ক্ষেত্ৰতো চেষ্টা চলাই থকা হৈছে । চৰাইদেউ সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰৰ শাখাত পৰে । চৰাইদেউ এতিয়া ৰাষ্ট্ৰৰ সন্মানৰ সৈতে জড়িত হৈ পৰিব । এইবাৰ চৰাইদেউক হে প্ৰেৰণ কৰা হয় ইউনিস্কলৈ । ২০১৪ ৰ পৰা ২০২৩ চনলৈ আমাৰ নিৰন্তৰ প্ৰচেষ্টা আছিল চৰাইদেউক লৈ । ৯ বছৰ পিছত আজি চৰাইদেউয়ে মনোনয়নৰ পর্যায় পালে । প্রতিযোগিতা ইমানে আছিল যে অসম যাব বুলি কল্পনাও কৰা নাছিলো । প্রধানমন্ত্রীক এই বিষয়ে সাক্ষাতো কৰিছিলো । মাজুলী আছিল প্রাকৃতিক আৰু চৰাইদেউ আছিল সাংস্কৃতিক শাখত । এই দুখন মনোনয়নক বাদ দি আৰু ৫০ খন মনোনয়ন দাখিল হৈছিল । লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠানত আমি প্রধানমন্ত্ৰীক চৰাইদেউৰ মৈদামৰ প্রতীকি দেখুৱাইছিলো । প্রধানমন্ত্ৰীক মৈদামৰ বিষয়ে বুজোৱা হৈছিল । তেওঁ ৫ মিনিট ধৰি বুজিছিল মৈদামৰ বিষয়ে । ইয়ে প্রধানমন্ত্রীক সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰে । এই সমগ্ৰ বিষয়টো যথেষ্ট বৌদ্ধিক গৱেষণাৰ প্রয়োজন । কঠোৰ পৰিক্ৰম আৰু প্ৰধানমন্ত্ৰীৰ ৰাজনৈতিক সদিচ্ছাৰ বাবে চৰাইদেউৰ মৈদামে ভাৰতৰ মনোনয়ন পালে । এইটো এটা ডাঙৰ ৰাজনৈতিক সিদ্ধান্ত ।

No comments