Breaking News

মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী সলনি হ'ব...

 

ডিজিটেল ডেস্ক: মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী সলনি হ'ব...নতুন শিক্ষানীতি ২০২০ ৰ আধাৰত চলিত বৰ্ষৰ পৰা অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত আৰু উত্তৰবহী সালসলনি হ'ব । এই কথা প্রকাশ কৰিছে অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই ।ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰক নয়ন জ্যোতি শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত আগন্তুক মেট্ৰিক পৰীক্ষাত হ'বলগীয়া সালসলনিৰ কথা সদৰী কৰে । । নতুন নিয়ম অনুসৰি ইংৰাজী , সাধাৰণ গণিত , সাধাৰণ বিজ্ঞান আৰু সমাজ বিজ্ঞান বিষয়কেইটাৰ ৫০ শতাংশ প্রশ্ন অবজেক্টিভ আৰু বাকী ৫০ শতাংশ প্রশ্ন ডেডক্রিপটিভ ( ব্যাখ্যামূলক ) হ’ব ।  দুয়োটা ভাগৰ প্ৰশ্নৰ বাবে উদ্ভবহীও পৃথক হ'ব । অবজেক্টিভ প্রশ্নকাকতৰ উদ্ভৱহী ৮ পৃষ্ঠাৰ হ'ব । এই উত্তৰবহীখন বিশেষভাৱে ডিজাইন কৰা হৈছে আৰু এই উত্তৰবহীৰ নিৰ্দিষ্ট স্থানত পৰীক্ষাৰ্থীয়ে উত্তসমূহ লিখিব লাগিব । পৰীক্ষকে পৰীক্ষাৰ্থীসকলৰ হাতত এই উত্তৰবহীখন পুরা ৮-৪৫ বজাতে তুলি দিব । এই উত্তৰবহীৰ প্ৰথম আৰু শেষ পৃষ্ঠা দুটা উকা থাকিব বুলি সদৰী কৰি পৰীক্ষা নিয়ন্ত্রকজনে কয় যে এই পৃষ্ঠা দুটাত পৰীক্ষাৰ্থীয়ে প্ৰয়োজনত অনুশীলন কৰিব পাৰিব । আনহাতে অবজেক্টিভ প্ৰশ্নৰ উত্তৰবহী দিয়াৰ এঘণ্টা সম্পূৰ্ণ হোৱাৰ আগে আগে ৯-৪৫ বজাত পৰীক্ষকে পৰীক্ষাৰ্থীসকলক ডেছক্রিপ্‌টিভ প্রশ্নকাকতৰ উত্তৰৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা উত্তৰৱহী দিব । এই উত্তৰবহীখন ১৬ পৃষ্ঠাৰ হ'ব । কিন্তু গণিত আৰু বাকী বিষয়কেইটাৰ বাবে উত্তৰবহীও পৃথক হ'ব । গণিতৰ বাবে বক্স আৰু গ্রাফ থাকিব আৰু বাকী বিষয়কেইটাৰ বাবে উত্তৰৱহী ৰুলিং থাকিব । লক্ষণীয় যে অবজেক্টিভ উত্তৰবহী এঘণ্টা আগতে পৰীক্ষাৰ্থীসকলক দিলেও শেষলৈকে তেওঁৰ হাততে থাকিব । গতিকে প্ৰয়োজনত এঘণ্টাৰ পাছতো তেওঁ সেই প্রশ্নকাকতৰ উত্তৰ লিখাৰ সুযোগ থাকিব । দুয়োখন উত্তৰবহী লাভ কৰাৰ পাছতে পৰীক্ষাৰ্থীসকলে দুয়োখন উত্তৰবহী একেলগে সংলগ্ন কৰি ল'ব লাগিব । এইবাৰ মূল বিষয়কেইটাত এই সালসলনি কৰাৰ পাছত পর্যায়ক্রমে বাকী বিষয়সমূহতো এই সালসলনি কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । 

No comments