Breaking News

সম্বলপুৰত সাহিত্যৰৰ্থীৰ সাধনাগৃহৰ পুনৰ - নির্মাণ সম্পূৰ্ণ হৈ উঠিছে

 




ডিজিটেল ডেস্ক: 
সম্বলপুৰত সাহিত্যৰৰ্থীৰ  সাধনাগৃহৰ পুনৰ - নির্মাণ সম্পূৰ্ণ হৈ উঠিছে ...ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ ওড়িশাৰ সম্বলপুৰত থকা বাসগৃহৰ ঐতিহ্য ৰক্ষাৰ প্ৰক্ৰিয়া । ইতিমধ্যে পুনৰ নির্মাণ সম্পূর্ণ হৈছে ২,০৩৭ বৰ্গফুট ব্যাসাৰ্ধৰ সাধনাগৃহৰ । চাৰিটা কোঠাযুক্ত সাধনাগৃহৰ পুনৰ নিৰ্মাণত খৰচ হৈছে ৭৯.৫৭ লাখ টকা এটা বছৰত পুনৰ নিৰ্মাণ সম্পূৰ্ণ হ'ব সাহিত্যৰথীৰ কৰ্ম - সৃষ্টিৰ বাসগৃহটো । ৪,৭৩৬ বর্গফুট ব্যাসাৰ্ধৰ বাসগৃহ নির্মাণত ব্যয় হ’ব এক কোটিৰো অধিক ধন ।এই তথ্য ৰাজহুৱা কৰে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিয়ে । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ মুখ্য উপদেষ্টা তথা বিশিষ্ট সাংবাদিক দীপক কুমাৰ পাণ্ডাই গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি ৰসৰাজৰ বাসগৃহৰ ঐতিহ্য , সংৰক্ষণৰ অগ্ৰগতিৰ বিষয়ে আজি ৰাজহুৱা কৰে । স্মৃতিৰক্ষা সমিতিৰ হৈ মণি মহন্তই আঁত ধৰা সংবাদমেলত সভাপতি প্রদ্যুৎ কুমাৰ চৌধুৰী , সম্পাদক ৰন্টু ডেকা , কর্মকর্তা কমলেন্দ্ৰ ভৰালী , ড ° ধ্ৰুৱজ্যোতি দাস , গোপাল জালান উপস্থিত থাকে । সাহিত্যৰথীৰ সম্বলপুৰৰ বাসগৃহ সংৰক্ষণৰ অন্যতম হোতা দীপক কুমাৰ পাণ্ডাই সমগ্ৰ প্ৰকল্পৰ শেহতীয়া স্থিতি ৰাজহুৱা কৰি কয় ৭৯.৫৭ লাখ টকা ব্যয়সাপেক্ষে পুনৰ নিৰ্মাণ তথা সংৰক্ষণ হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সাধনা গৃহ । ৰসৰাজে কাৰ্যালয় হিচাপে ব্যৱহাৰ কৰা এই সাধনা গৃহত আছে ৪ টা কোঠা । প্রথম কোঠাটোত আছে সাহিত্যাচাৰ্যৰ এটা আবক্ষ মূর্তি । এটা কোঠাত তেওঁৰ ৰচনাৱলী সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে । তদুপৰি এটা কোঠা ১০ জন লোক বহিব পৰা এটা আলোচনা কক্ষ আৰু আনটো ব্যৱহাৰ কৰা হৈছে কাৰ্যালয় হিচাপে । ইণ্ডিয়ান নেচনেল ট্রাষ্ট ফৰ আৰ্ট এণ্ড কালচাৰেল হেৰিটেজ’ৰ বিশেষজ্ঞৰ তত্ত্বাৱধানত সাধনাগৃহৰ পুনৰ নিৰ্মাণৰ কাম কৰিছে ওড়িশা টুৰিৰ্জম ডেভেলপমেণ্ট কৰ্প'ৰেচনে । ইতিমধ্যে বাসগৃহৰ পুনৰ নিৰ্মাণ কাৰ্যও আৰম্ভ হৈছে । ৪,৭৩৬ বর্গফুট ব্যাসাৰ্ধৰ বাসগৃহটোৰ পুনৰ নিৰ্মাণ ব্যয় এক কোটি টকাৰো অধিক হ'ব । উল্লেখযোগ্য যে অসম চৰকাৰৰ ৫০ লাখ টকা আৰু ওড়িশা চৰকাৰৰ ৫৮.৪৮ লাখ টকাৰে ২০১৯ চনত আৰম্ভ হৈছিল সম্বলপুৱস্থিত ৰসৰাজৰ বাসগৃহৰ সংৰক্ষণ তথা পুনৰ নিৰ্মাণ প্ৰক্ৰিয়া । এই ধনৰ ৭৯.৫৭ লাখেৰে ইতিমধ্যে সম্পূৰ্ণ হৈছে শীধনাগহ । জমা , 50 ৱা ২৫.৯১ লাখ টকাৰে আৰম্ভ হৈছে বাসগৃ হ । । - । পূৰ্বৰ বাজেট অনুসৰি বাসগৃহৰ আনুমানিক নির্মাণ ব্যয় ১.৫২ লাখ টকা যায় কৰা হৈছিল । কিন্তু ওড়িশা চৰকাৰৰ পৰা স্মৃতিরক্ষা কমিটীয়ে অধিক ভূমিৰ আবণ্টন লাভ কৰাত তথা বাসগৃহ সংৰক্ষণ প্রকল্পৰ নয়া কিছু সালসলনি কৰাত নির্মাণ ব্যয় এক কোটি অতিক্রম কৰিব বুলি ধাৰণা কৰা হৈছে । ধনৰ ক্ষেত্ৰত অসুবিধা নহ'লে আগত এবছৰৰ ভিতৰত বাসগৃহটোৰ পুনৰ নিৰ্মানো সম্পূর্ণ হৈ উঠিব । অৱশ্যে অসম চৰকাৰে বাসগৃহটো পুনৰ নিৰ্মাণৰ বাবেও অতিৰিক্ত ৪৭ লাখ টকা নিয়াৰ বাবে আগ্রহ প্রকাশ কৰিছে ।  দীপক কুমাৰ পাণ্ডাই অসম চৰকাৰ আৰু মুখ্যমন্ত্রী ড ° হিমন্ত বিশ্ব শৰ্মাক আগতীয়াকৈ ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে সাহিত্যৰথীয়ে নিৰ্মাণ কৰা ঘৰটোক সম্পূৰ্ণকৈ একে ৰাখি পুনৰ নিৰ্মাণ কৰা হৈছে ।। অসম আৰু ওড়িশাৰ সাহিত্যপ্ৰেমী ৰাইজৰ মিলনৰ থলী হিচাপে সম্পূর্ণ প্রকল্প গঢ়ি তোলা হ'ব । বাসগৃহটো ‘ এক্টিভিটি ' আৰু ' এগজিভিছনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলি দেশী বিদেশী পর্যটকক আকৰ্ষণৰ চেষ্টা কৰা হ'ব । বাসগৃহটোত থাকিব গ্রন্থাগাৰ , প্রদর্শনী , সাহিত্য চৰ্চাৰ থলী , কবিতা আবৃত্তি , গল্প , কথা , উপন্যাস পথনৰ ব্যৱস্থা । সাহিত্য বিষয়ক ভিন্ন কাৰ্যাৱলী , ভাবৰ আদান - প্রদান , অনুবাদ প্ৰকল্পৰ ব্যৱস্থা থাকিব বাসগৃহত । সন্মুখত থাকিব এখন আটকধুনীয়া উদ্যান । দীপক কুমাৰ পাণ্ডাই কয় যে ২০০১ চনৰ পৰা ৰসৰাজৰ বাসগৃহ সংৰক্ষণৰ বাবে চলি থকা যুঁজখনে লাহে লাহে সার্থক হ'বলৈ আগবাঢ়িছে । ইয়াৰ জৰিয়তে অসমীয়া জাতীয় জীৱনৰ আৱেগ আৰু অসমীয়া সাহিত্যৰ পুৰোধা ব্যক্তিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰা হ'ব । সমান্তৰালভাৱে ওড়িশাৰ পৰ্যটন ক্ষেত্ৰখনলৈ নতুন দিগন্তৰ সূচনা কৰিব বুলি তেওঁ আশা প্রকাশ কৰে । সন্ধিয়া গুৱাহাটীৰ আৰ্টিষ্টছ গীল্ডত দীপক কুমাৰ পাণ্ডাক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় । সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত উন্মোচন কৰা হয় এটা ৱেবছাইট । www.slbss.in টোৰ জৰিয়তে ৰসৰাজৰ সম্বলপুৰৰ বাসগৃহৰ ভিন্ন দিশৰ তথ্য সন্নিৱিষ্ট হ’ব । ৱেবছাইটটো উন্মোচন কৰে ছাত্ৰ যুৱ কল্যাণ সমিতিৰ সদস্য সচিব আৰু অসম ৰাজ্যিক পৰামৰ্শদাতা সমিতি , অসমৰ সদস্য গীতার্থ গোস্বামীয়ে । 

No comments