Breaking News

ফেব্ৰুৱাৰীৰ পৰা উত্তৰ - পূৰ্বাঞ্চলত বৃহৎ যুদ্ধ অনুশীলন ‘ প্রলয়‘ অসম আৰু অৰুণাচলৰ আকাশত উৰিব ৰাফেল , চুম্বয় , চি -১০০ জে ছুপাৰ হাৰকিউলিছ , চিনুক হেডী লিফট আৰু এপাচি



ডিজিটেল ডেস্ক: ভাৰতীয় বায়ু সেনা বাহিনীয়ে ড্রন স্কোৱাড্রনকে ধৰি ইয়াৰ উত্তৰ - পূৰ্বাঞ্চলৰ সকলো প্রধান ঘাটিক সামৰি ‘ প্ৰলয় ’ অনুশীলন কৰিব । অৰুণাচল প্রদেশ , অসম আৰু উত্তৰ - পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহত অহা মাহত হ'বলগীয়া এই অনুশীলনত বায়ু সেনা বাহিনীয়ে যুঁজাৰু বিমান , হেলিকপ্টাৰ আৰু আন বিমান ব্যৱহাৰ কৰিব ৷ ভাৰতীয় বিমান বাহিনীয়ে উত্তৰ - পূৰ্বাঞ্চলত এছ ৪০০ এয়ার ডিফেন্স স্কোৱাড্রন মোতায়েন কৰাৰ সময়তে অহা কেইদিনমানৰ ভিতৰত এই বৃহৎ বিমান অনুশীলনৰ আয়োজন কৰা হৈছে । এছ -৪০০ এয়াৰ ডিফেন্স স্কোৱাড্রনে ৪০০ কিল'মিটাৰ দূৰত্বলৈকে শত্ৰু দেশৰ বিমান বা ক্ষেপণাস্ত্ৰক প্ৰত্যাহ্বান জনাব পাৰে । এই অনুশীলনত পৰিবহণ আৰু আন বিমানৰ সৈতে ৰাফেল আৰু ছুখয় এছ ইউ -৩০ যুঁজাৰু বিমানকে ধৰি যুদ্ধৰ প্ৰধান প্রধান বিমান আৰু অস্ত্ৰ ব্যৱহাৰ কৰা হ'ব । ছিকিম আৰু শিলিগুৰি কৰিড’ৰ খণ্ডত প্রতিকূল কার্যকলাপ নিৰীক্ষণৰ ক্ষমতা বৃদ্ধি কৰিবৰ বাবে ভাৰতীয় বায়ু সেনা বাহিনীয়ে শেহতীয়াকৈ ড্ৰনৰ এটা স্কোৱাড্রন আন ঘাটিৰ পৰা উত্তৰ - পূৰ্বাঞ্চললৈ আনিছে ।অহা ১ ফেব্ৰুৱাৰীৰ পৰা হ'বলগীয়া অনুশীলন হ’ব বৃহৎ পৰিসৰত । ইয়াত ৰাফেল , চুখয় এছইউ -৩০ বিমানৰ উপৰি চি -১৩০ জে ‘ ছুপাৰ হাৰকিউলিছ , চিনুক হেভী লিফ্ট আৰু এপাচিৰ দৰে হেলিকপ্টাৰ থাকিব ।এই অনুশীলন হ’ব হাচিমাৰা , তেজপুৰ আৰু চাবুৱাৰ দৰে বিমান ঘাটিৰ পৰা ।

No comments