Breaking News

গোলাঘাট পৌৰসভা আৰু প্ৰশাসনৰ বিৰুদ্ধে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰে এগৰাকী মহিলাই।



ডিজিটেল সংবাদ, গোলাঘাট:
গোলাঘাট নগৰৰ বিভিন্ন প্ৰান্তত চলা উন্নয়নমূলক কামৰ অধীনত গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে ৬ নং ৱাৰ্ডতো কৰিছে নলা-নৰ্দমা  বহলীকৰণৰ কাম। প্ৰাক্তন আৰক্ষীৰ পত্নী কবিতা শ‍ইকীয়া নামৰ মহিলা এগৰাকীয়ে মহিলাই প্ৰশাসনৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ গৈ মহিলাগৰাকীৰ পুত্ৰই হাতত লৈছিল দা।   মহিলাগৰাকীৰ অভিযোগ ইতিমধ্যেই তেওঁলোকে প্রায় ৫ ফুট ভূমি বিভাগটোক প্ৰদান কৰিছে। বিগত সময়ছোৱাত বহু গছ-গছনিও উন্নয়নৰ নামত প্ৰশাসনক দিছে পৰিয়ালটোৱে। কিন্তু কাষৰীয়া অন্য বহু লোকৰ ঘৰত কোনো ক্ষতি নকৰা প্ৰশাসনে আজিও পুনৰ মহিলাগৰাকীৰ ঘৰতে আহিছিল, দেৱাল ভাঙিবলৈ। যাৰ বাবে এনেকৈয়ে প্রতিবাদ মহিলাগৰাকীৰ। পথৰ আনটো প্ৰান্তত বহু লোকৰ ঘৰত কোনো ক্ষতি নকৰি মহিলাগৰাকীৰ ঘৰতেই বাৰম্বাৰ ভাঙিবলৈ বুলি অহাৰ বাবেই এই ক্ষোভ মহিলাগৰাকীৰ। আনহাতে, পৌৰসভাৰ এক সূত্ৰই প্ৰকাশ কৰা মতে মহিলাগৰাকীৰ   নিজৰ চৌহদৰ চাৰিবেৰ আৰু বাসভৱন নিৰ্মাণৰ বাবে পৌৰসভাৰ পৰা যাৱতীয় কোনো নথি প্ৰদৰ্শন কৰিব পৰা নাই। সূত্ৰটোৱে লগতে প্ৰকাশ কৰে যে উন্নয়নৰ স্বাৰ্থত পৌৰসভাৰ কঠোৰ স্থিতি অব্যাহত থাকিব।

No comments