Breaking News

ভাৰত চৰকাৰে বিশ্বনাথ ঘাটত ফ্ল'টিং জেটী নিৰ্মাণৰ বাবে পৰিকল্পনা হাতত লৈছে


ডিজিটেল ডেস্ক:
জেটীৰ যোগেদি  একেসময়তে তিনিখন জাহাজ ৰখোৱাৰ ব্যৱস্থা কৰা হ'ব। ইয়াৰ ফলশ্ৰুতিত থলুৱা সামগ্ৰীৰ ৰপ্তানিৰ দিশটোৱেও গতিশীলতা লাভ কৰিব আৰু অৰ্থনৈতিক উন্নয়ন ত্বৰান্বিত হ'ব।'— কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোনোৱালে বিশ্বনাথত শনিবাৰেএই গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। সৰ্বানন্দ সোনোৱালে শনিবাৰে বিশ্বনাথ আৰু তেজপুৰত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ সৈতে মত-বিনিময় অনুষ্ঠানত মিলিত হয়। বিজেপিৰ কেন্দ্ৰীয় সংসদীয় ব'ৰ্ড আৰু নির্বাচনী সমিতিত স্থানপ্রাপ্ত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম গৰাকী প্ৰতিনিধি সর্বানন্দ সোনোৱালক কার্যকৰ্তা সকলে সম্ভাষণ  জনায়    সম্ভাষণ গ্ৰহণ কৰি তেওঁ আনন্দ প্রকাশ কৰে। তেওঁ কাৰ্যকৰ্তাসকলৰ সৈতে বার্তালাপ কৰি দলীয় কাম-কাজৰ স্থিতি সেৱা তথা সমৰ্পণৰ মনোভাবেৰে দলৰ সাংগঠনিক শক্তি কৰা লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ যাত্ৰাত একাত্মভাবে কাম কৰি যাবলৈ উৎসাহী কার্যবাহীসকলক আহ্বান জনায়। সোনোৱালে শনিবাৰে  কয় – 'ভাৰতীয় জনতা পার্টিয়ে জন্মলগ্নৰ পৰাই ৰাষ্ট্ৰভক্তিৰ জৰিয়তে ৰাষ্ট্ৰৰ সৰ্বাংগীণ উত্তৰণৰ হকে সমৰ্পিতভাৱে কাম কৰি আহিছে। দলীয় কাৰ্যকৰ্তাসকলৰ একনিষ্ঠ সেৱা আৰু সৰ্বস্তৰৰ ৰাইজৰ অকুল সঁহাৰিৰ বাবেই বিজেপি এতিয়া বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে। প্ৰধানমন্ত্রী নৰেন্দ্র মোদীয়ে ভাৰতক উন্নয়নৰ এক নব শিখৰত উপনীত কৰাৰ ফলশ্ৰুতিত দিনক দিনে বিজেপিৰ গ্রহণযোগ্যতা আৰু জনপ্রিয়তা বৃদ্ধি পাইছে। আমাৰ সৌভাগ্য আমি মোদীৰ দৰে এগৰাকী বিশ্বনেতাৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিছোঁ। ২০১৪ চনৰ পূৰ্বে আমাৰ দেশখন দুর্নীতি, স্ৰষ্টাচাৰ, পৰিয়ালকেন্দ্রিক ৰাজনীতিত সম্পূৰ্ণৰূপে নিমজ্জিত আছিল, যাৰ ফলত দেশৰ প্ৰগতিৰ দিশটো গৌণ হৈ পৰিছিল। অসম তথা উত্তৰ-পূর্বাঞ্চলতো পূৰ্বৰ চৰকাৰৰ অৱহেলাৰ বাবেই অশান্তি, সন্ত্রাসবাদ, যুৱপ্ৰজন্মৰ মাজত হতাশা, দুর্নীতি শিপাই গৈছিল। সেয়া আছিল অসম তথা উত্তৰ  পূব ভাৰতৰ বাবে অন্ধকাৰ যুগ। সেই অন্ধকাৰ যুগৰ অৱসান ঘটিল মোদীয়ে দেশৰ প্রধানমন্ত্রী হিচাপে শাসনভাৰ  লোৱাৰ পিছতেই। ২০১৪ বৰ্ষৰ পৰা আজিলৈ, মোদীয়ে দেশৰ উন্নয়নক এনে এক উচ্চস্তৰলৈ লৈ গ'ল, যাক দেশবাসীয়ে কল্পনাই করা নাছিল। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও গ্রহণ কৰিলে এক্ট ইষ্ট পলিচী, সমগ্ৰ অঞ্চলটোক গণ্য কৰিলে দেশৰ অষ্টলক্ষ্মী হিচাপে। মোদীৰ দূৰদৰ্শী নেতৃত্বতে অসম তথা উত্তৰ- পূৰ্বাঞ্চলত স্থায়ী শান্তিৰ পৰিবেশৰ সূচনা হোৱাৰ লগতে উন্নয়নৰ নৱজাগৰণৰ সৃষ্টি হৈছে। এতিয়া সঘনাই প্ৰধানমন্ত্ৰীৰ উপৰি কেন্দ্ৰীয় মন্ত্রীসকল উত্তৰ পূর্বাঞ্চললৈ অহাৰ ফলত সমগ্ৰ দেশৰ পটভূমিতে  বিশেষ গুৰুত্ব লাভ কৰিছে। মোদীয়ে 'এক ভাৰত, শ্ৰেষ্ঠ ভাৰত' আৰু 'সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, আৰু সবকা প্ৰয়াস' নীতিৰে সকলো জাতি-জনগোষ্ঠীৰ আৰু সৰ্বস্তৰৰ লোকৰে সর্বাংগীণ উন্নয়ন সুনিশ্চিত কৰিছে। তেওঁ প্ৰকৃতাৰ্থতে সুশাসনৰ নিদৰ্শন দাঙি ধৰিছে। মোদীৰ বলিষ্ঠ নেতৃত্বত ভাৰতে সমগ্ৰ বিশ্বৰ সমীহ, নিৰবচ্ছিন্ন মনোযোগ আৰু অপৰিসীম গুৰুত্ব আদায় কৰিবলৈ সক্ষম হৈছে। শেহতীয়াকৈ জি-২০ৰ অধ্যক্ষতার দায়িত্ব পোৱাটোও ভাৰতৰ আন এক গুৰুত্বপূর্ণ সফলতা। অসমকে ধৰি দেশজুৰি ২০০ খনতকৈও অধিক জি-২০ৰ বৈঠক অনুষ্ঠিত হ'ব। ২০৪৭ চনৰ ভিতৰত অর্থাৎ আগন্তুক অমৃতবালৰ ভিতৰত ভাৰতবৰ্ষক মোদীয়ে  বিশ্বশ্রেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য স্থিৰ কৰিছে। এই দিশত ভাৰতীয় জনতা পার্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাক অগ্রণী ভূমিকা পালন কৰিবলৈ মই আন্তৰিকতাৰে আহ্বান জনালোঁ। তদুপৰি সোনোৱালে কয় – 'ৰাষ্ট্ৰ প্ৰথম, দল দ্বিতীয় আৰু ব্যক্তি শেষত- এই ভাবনাৰে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কার্যকর্তাই কাম কৰি যাব লাগিব আজি আমি মন্ত্রী, সাংসদ, বিধায়ক আদি হোৱাৰ মূলতে আছে কাৰ্যকৰ্তাসকলৰ কঠোৰ পৰিশ্ৰম, সমৰ্পিত সেৱা আৰু জনগণৰ অফুৰন্ত মৰম-আশীর্বাদ। এই সহায়-সহযোগিতা, মৰম-আশীৰ্বাদ আমাৰ সদায়েই কাম্য, যাতে উৎসর্গিত মনোভাবেৰে দেশমাতৃৰ সেৱা কৰি যাব পাৰোঁ। বিশ্বনাথৰ অনুষ্ঠানত সৰ্বানন্দ সোনোৱালৰ লগতে উপস্থিত থাকে বিধায়কসকল ৰঞ্জিত দত্ত, প্রমোদ বৰঠাকুৰ, উৎপল কৰা, জিলা সভাপতি পংকজ বৰা, বিজেপি অসম প্ৰদেশৰ চাহ জনগোষ্ঠী মৰ্চাৰ সভাপতি দিগন্ত ঘাটোৱাৰ, ৰাজ্যিক সমিতিৰ সম্পাদক বিকুল ডেকা প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল। আনহাতে, তেজপুৰৰ সভাত উপস্থিত থাকে বৰচলাৰ বিধায়ক গণেশ লিম্বু, শোণিতপুৰ জিলা বিজেপিৰ সভাপতি বাতাস ওৰাং প্ৰমুখ্যে দলীয় বিষয়ববীয়া আৰু কাৰ্যকৰ্তাসকল।

No comments