Breaking News

মিজোৰামত বার্মিজ চুপাৰিৰ দুখন ট্ৰাকত অগ্নিসংযোগ

 


ডিজিটেল ডেস্ক: 
মিজোৰামৰ ক’লাশিৱ জিলাৰ বিলখাটীৰত জ্বলাই দিয়া হৈছে  বার্মিজ চুপাৰিৰ দুখন ট্ৰাক। স্থানীয় চুপাৰি ব্যৱসায়ীসকলে এই ট্রাক দুখন জব্দ কৰি চুপাৰিখিনি নমাই অগ্নিসংযোগ কৰে। বার্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ কাৰণত মিজোৰামৰ চুপাৰি ব্যৱসায়ীসকলে  উৎপাদন কৰা চুপাৰি বিক্রীত সমস্যাৰ সন্মুখীন হৈছে। মিজোৰামৰ ক’লাশিৱ জিলাৰ ভাইৰেংটিৰ পৰা বিলখাটীৰ, চাইপাই, চাইপুং, লিমেন, মাউচাৰ এক বৃহৎ এলেকাত আছে চুপাৰিৰ বাগান। চুপাৰি ব্যৱসায়ৰ এই সময়ছোৱাত স্থানীয় লোকসকলে বার্মিজ চুপাৰিৰ অবৈধ সৰবৰাহৰ ফলত নিজৰ বাগানৰ উৎপাদন কৰা চুপাৰি সমূহ  বিক্ৰী কৰিবলৈ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে।ইয়াৰ প্ৰভাৱত তেওঁলোকে বার্মিজ চুপাৰিৰ ট্ৰাকৰ বিৰুদ্ধে হিংসাত্মক হৈ পৰিছে। বার্মিজ চুপাৰি কঢ়িওৱা ট্ৰাকৰ সন্ধানত আৰু স্থানীয় ব্যৱসায়ীসকলে এতিয়া পথত জেৰা অব্যাহত কৰিছে বুলিও জনা গৈছে। যোৱা ১০ ডিচেম্বৰত মিজোৰামৰ মাটি জিলাৰ জামোয়াং নামৰ ঠাইত স্থানীয় মিজো বাসিন্দাই ৭ খন বার্মিজ চুপাৰি কঢ়িওৱা ট্রাকত অগ্নিসংযোগ কৰিছিল। শেহতীয়াকৈ ক’লাশিৱ জিলাৰ বিভিন্ন স্থানত স্থানীয় চুপাৰি ব্যৱসায়ীসকলে ট্রাক জব্দ কৰি ট্ৰাকত থকা বাৰ্মিজ চুপাৰি নমাই ৰাখে। দুটা দিনত স্থানীয় ব্যৱসায়ীসকলে জব্দ কৰা দুখন ট্ৰাক জ্বলাই দিয়ে।এই চুপাৰিৰ মূল্য কেইবাকোটি টকা বুলি জানিব পৰা  গৈছে

No comments