Breaking News

অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিংসমূহ এতিয়া মৃত্যুদূত সদৃশ


ডিজিটেল ডেস্ক:মাৰ্ঘেৰিটা আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ পাটকাই পৰ্বতত এতিয়া চোৰাং কয়লা ব্যৱসায়ীৰ তাণ্ডৱ ।অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কৰ্মৰত শ্ৰমিকৰ মৃত্যু হয় ।লালমাটিৰ অবৈধ  কয়লা খনন কৰিবলৈ গৈ দুজনৰ মৃত্যু । এজন পাৱৈ চাইডিঙৰ জনৈক কৃষ্ণ আৰু আনজন মাকুমৰ জনৈক বিজয়.....  অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কাম কৰি থাকোঁতে বিষাক্ত গেছ নিৰ্গত হৈ মৃত্যুমুখত পৰা বুলি জানিব পৰা গৈছে ....এইদৰে অবৈধ কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ মৃতদেহ এস্কেভেটৰেৰে গাত খান্দি পুতি ৰখা  দৰে ঘটনাও সংঘটিত হৈছে । এইদৰে একাংশ কয়লা মাফিয়াই শ শ অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিং গঢ়ি তুলি একাংশ কর্মহীন শ্রমিকক নিয়োজিত কৰি মৃত্যুৰ মুখলৈ ঠেলি দি আহিছে । এতিয়া প্রশ্ন হল অবৈধ আণ্ডাৰগ্ৰাউণ্ড মাইনিঙত কোন কোন জড়িত হৈ আছে সেয়া তদন্ত হ’বনে ? বিজেপি চৰকাৰৰ দিনত ৰাজ্যত ভয়াৱহ কয়লা ছিণ্ডিকেট অব্যাহত থকা বুলি পুনৰ সৰৱ হৈ পৰে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ নেতৃত্বই । এই সন্দৰ্ভত দেওবাৰে অজাপৰ গুৱাহাটীস্থ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৰাজ্যত অব্যাহত থকা কয়লাৰ অবৈধ খনন আৰু পৰিবহণ শীঘ্ৰে বন্ধ কৰাৰ বাবে ৰাজ্যচৰকাৰক দাবী জনায় । লুৰীণজ্যোতি গগৈয়ে কয় যে ইয়াৰ পূৰ্বে অসমৰ তিনিচুকীয়া আৰু কাৰ্বি আংলং - ডিমা হাচাওকে ধৰি কেইবাখনো জিলাত ৰেট হল মাইনিঙৰ জৰিয়তে ব্যাপক হাৰত অবৈধ কয়লাৰ খনন আৰু সৰবৰাহ চলি থকাৰ বিষয়টো সংবাদমেলযোগে ৰাজহুৱা কৰিছিল । অসমৰ কোন কোন ঠাইত কেনেদৰে কয়লাৰ অবৈধ খনন চলি আছে , ক'ৰ পৰা কলৈ কয়লাৰ অবৈধ সৰবৰাহ হয় , উক্ত খনন আৰু সৰবৰাহৰ লগত কোন কোন ব্যক্তি জড়িত , খনন আৰু সৰবৰাহৰ বাবদ কোনে কিমান টকা ছিণ্ডিকেটৰ ধন সংগ্ৰহ কৰে সেই সমস্ত তথ্য এজেপিয়ে ৰাজহুৱা কৰিছিল । অবৈধ ৰেট হল মাইনিঙৰ কামত নিয়োজিত হৈ বহুকেইগৰাকী শ্রমিক ইতিমধ্যে মৃত্যু হোৱাৰ বিষয়েও ৰাজহুৱা কৰা হৈছিল । কিন্তু দুর্ভাগ্যজনকভাৱে চৰকাৰে এতিয়ালৈকে উক্ত খনন আৰু সৰবৰাহ বন্ধৰ বাবে ব্যৱস্থা নকৰিলে আনকি কোনো তদন্তও ঘোষণা নকৰিলে । তেওঁ লগতে কয় যে এজেপিয়ে ক্ষেত্রভিত্তিক পর্যবেক্ষণেৰে ৰাজ্যৰ প্রাকৃতিক সম্পদ সংৰক্ষণৰ বিষয়ত জনমত গঠন আৰু সংৰক্ষিত বনাঞ্চলৰ অস্তভাগত কোন কোন ঠাইত কেনেদৰে ৰেট হল মাইনিঙৰ জৰিয়তে অবৈধভাৱে কয়লা খনন আৰু মজুতকৰণ চলি আছে সেয়া চৰকাৰ - প্ৰশাসনক দেখুওৱাইদিয়াৰ উদ্দেশ্যে এজেপিয়ে টিৰাপ , টিপা আৰু লেখাপানী সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰলৈ এশজনীয়া দলীয় প্রতিনিধি গোটক সংবাদ মাধ্যমৰ প্রতিনিধিসহ প্ৰৱেশৰ অনুমতি বিচাৰি ২৭ , ডিচেম্বৰত তিনিচুকীয়াৰ জিলা উপায়ুক্ত আৰু মাৰ্ঘেৰিটাৰ মহকুমাধিপতিৰ ওচৰত আবেদন দাখিল কৰা হৈছিল । কিন্তু এইক্ষেত্ৰত ১০ জানুৱাৰীত মাৰ্ঘেৰিটাৰ মহকুমাধিপতিয়ে দলৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি - সম্পাদকলৈ পত্ৰ প্ৰেৰণ কৰি মাত্ৰ ১০ গৰাকী ব্যক্তিকহে প্ৰৱেশৰ অনুমতি দিয়া বুলিহে অৱগত কৰিছে । প্ৰশাসনৰ উক্ত আচৰণৰ তীব্ৰ বিৰোধিতা কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে দিছপুৰৰ ইংগিতত মাৰ্ঘেৰিটা প্রশাসনে কয়লা খনন , মজুতকৰণ আৰু সৰবৰাহৰ গোটেই বিষয়টো গাপ দিয়াৰ উদ্দেশ্যে এনেদৰে বিধিপথালিৰ সৃষ্টি কৰিছে । জাগুন , টিপং , লিডু , মাৰ্ঘেৰিটা , জিচুবাই , কয়লাজান , লার্বো , আৰ্ধা আদি ঠাইত অবৈধ কয়লাৰ ৰেট হল মাইনিং আৰু সৰবৰাহ অব্যাহত আছে ।  বিভিন্ন ঠাইত কয়লা খনন আৰু মজুতকৰণ ( ডিপো ) অব্যাহত থকাৰ তথ্যৰ বিষয়েও তেওঁ উল্লেখ কৰে । তেওঁ কয় যে টিপং সংৰক্ষিত বনাঞ্চলৰ বিভিন্ন ঠাইত খনন কৰি লাল পাহাৰ নদীৰ ওচৰত ডিপো পাতি অবৈধ বয়লা মজুত কৰি ৰখা হৈছে । এই কাৰ্যৰ লগত জড়িতসকলৰ অন্যতম হ’ল , ৰাজু খান , যোগেশ মাউত , বিকি পণ্ডিত , ৰাণা , গোবিন চেত্ৰী , ৰাজা গগৈ , কুণ্ডু আৰু সুনীল গুৰুং । আনহাতে , টিপং ফায়াৰিং ৰেঞ্জত ২৫ টা অবৈধ কয়লা ডিপো আছে । ইয়াৰ লগত জড়িতসকলৰ অন্যতম হ'ল- কাজল দেবনাথ , কুশল সিং আৰু ৰাজা গগৈ । সেইদৰে লিডুত বি গণেশ , বাদল দত্ত , খান , পার্থ , নগেন্দ্ৰ , অজয় ভৌমিক , টিকাৰাম , পিটকা আদি লোকৰ নামত অবৈধ কয়লা ডিপো আছে । লুৰীগজ্যোতি গগৈয়ে অভিযোগ কৰা মতে অৰুণাচল প্ৰদেশৰ চাংলাঙৰ ওচৰত ডিজি ছেট বহুৱাই নিশাৰ ভাগতো অবৈধ খনন চলাই থকা হৈছে । খননস্থলীত চি চি কেমেৰাও স্থাপন কৰিছে । লিডু ডীপমাইনত বি গণেশ নামৰ লোকজনৰ ডিজি ছেট আৰু চি চি কেমেৰা সংস্থাপনেৰে কেইবাশ ফুট তলত খনন চলাই থকা হৈছে । এই কার্যত সহস্রাধিক শ্রমিক নিয়োজিত হৈ আছে । আনহাতে , হাজাৰ হাজাৰ মিনি ট্রাক আৰু পিক্‌আপ ভান ব্যৱহাৰ কৰি উক্ত কয়লা সৰবৰাহ কৰি থকা হৈছে ।মেঘালয়ৰ পৰা দৈনিক অবৈধ কয়লাভর্তি ট্রাক অসমত প্ৰৱেশ কৰে । মেঘালয়ৰ বৰ্ণিহাটৰ পৰা যোৰাবাটৰ মাজত এইট্রাকসমূহ ৰৈ থাকে আৰু যোৰাবাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ ইংগিত পোৱাৰ লগে লগে ট্রাকসমূহ বিশেষকৈ নিশাৰ ভাগত অসমত প্ৰৱেশ কৰে । ট্রাকসমূহৰ নম্বৰ আৰক্ষী বিষয়াগৰাকীৰ হোৱাটছএপ নম্বৰত অজ্ঞাত উৎসৰ পৰা আহে আৰু তাৰ ভিত্তিত তেওঁ কয়লাৰ ট্ৰাকসমূহ পাৰ কৰোৱায় । লুৰীণজ্যোতি গগৈয়ে লগতে কয় যে কয়লা খনন আৰু পৰিবহণ সেউজ ন্যায়াধিকৰণৰ দ্বাৰা নিষিদ্ধ হৈ থকাৰ হেতুকে ক’ক পৰিবহণ কৰা বুলি দেখুৱাই মেঘালয়ত জি এছ টি চালান কাটি তাৰ ভিত্তিত কয়লা পৰিবহণ কৰা হয় । অবৈধ কয়লা খনন আৰু পৰিবহণ তৎকালে বন্ধ কৰিবলৈ দাবী জনাই লুৰীণজ্যুতি গগৈয়ে..... 

No comments