Breaking News

সংসদত নিমাতী কইনাৰ ভূমিকা গ্রহণ কৰিছে অসমৰ জনপ্রতিনিধি সকলে


 ডিজিটেল ডেস্ক:ৰাজ্যৰ সমস্যাক সংসদৰ মজিয়াত উত্থাপন কৰাত চৰম ব্যৰ্থ হৈছে। সংসদত উপস্থিতিৰ পৰা আৰম্ভ কৰি প্ৰশ্ন উত্থাপন তথা বিতৰ্কত অংশগ্ৰহণৰ পৰাও যেন বহু পাছ পৰি ৰৈছে অসমবাসীয়ে ভোট দি নিৰ্বাচিত কৰি পঠোৱা সাংসদসকল। অসমৰ সাংসদৰ এনে নিমাতি কইনাৰ স্থিতিৰ বাবেই দেশবাসীৰ সন্মুখত অসমৰ জ্বলন্ত সমস্যাসমূহো দাঙি ধৰাত বাৰ্থ হৈছে জনপ্রতিনিধি সকল।  অসমৰ বেছিসংখ্যক সাংসদেই সদনত নীৰৱ হৈ থাকে। ২০২৪ চনৰ লোক সভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইতিমধ্যে শাসকীয় বিজেপি দলে একেৰাহে তৃতীয়বাৰৰ বাবে শাসনৰ গাদী দখলৰ লক্ষ্যৰে এতিয়াৰে পৰাই কুচ- কাবাজ আৰম্ভ কৰিছে। এনে সময়তে বিগত প্ৰায় চাৰি বছৰে সংসদৰ মজিয়াত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নৰ বাবে কি ভূমিকা পালন কৰিলে সেয়া এক প্রশ্নৰ বিষয়। বিগত সময়ত সংসদৰ মজিয়াত অসমৰ পৰা নিৰ্বাচিত হৈ যোৱা মাত্ৰ দুই এজন সাংসদেহে মাত মতা পৰিলক্ষিত হ'ল। ইয়াৰ বিপৰীতে প্ৰদান বৰুৱা দৰে সাংসদে বিগত চাৰি বছৰত ৰাইজৰ কথা ক'বলৈ বিশেষ সময়েই উলিয়াব নোৱাৰিলে। সপ্তদশ লোক সভাত সাংসদ বৰুৱাই এতিয়ালৈকে এটাও বিতর্কত অংশ লোৱা নাই। ইফালে কেইবাবাৰো সাংসদ হিচাপে নিৰ্বাচিত হোৱা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ সংসদ অধিবেশনৰ সময়ছোৱাত উপস্থিতিৰ হাৰ হৈছে মাত্র ৪৮ শতাংশ। তথ্য অনুসৰি লখিমপুৰৰ সাংসদ প্রদান বৰুৱাই শপত লোৱাৰ পাছত বিগত চাৰি বছৰত এটাও বিতর্কত অংশ লোৱা নাই। এই সময়ছোৱাত তেওঁ মাত্ৰ ১৫টা প্রশ্নহে উত্থাপন কৰিছে। ইয়াৰ বিপৰীতে প্রশ্ন সোধাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ১৫৬টা আৰু বিতৰ্কৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় গড় হৈছে ৩৯.৭টা। লক্ষণীয় বিষয় যে সংসদত বিতৰ্কত অংশ লোৱা বা প্রশ্ন নুসুধিলেও প্রদান বৰুৱাৰ উপস্থিতিৰ হাৰ হৈছে ৮০ শতাংশ। বৰুৱাৰ পাছতে এই ক্ষেত্ৰত দ্বিতীয় স্থান লাভ কৰিছে ডিফুৰ সাংসদ হৰেন সিং বেই। সাংসদ হোৱাৰ পাছত এতিয়ালৈকে বেই তিনিটা বিতৰ্কত অংশ লোৱাৰ বিপনীতে প্রশ্ন সুধিছে মাত্র ৬টা। সংসদত তেওঁৰ উপস্থিতিৰ হাৰ হৈছে। ৭৩ শতাংশ। আনহাতে যোৰহাটৰ সাংসদ তপন গগৈয়েও বিগত সময়ন্ত্রেরাত মাত্র ৬টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে। মাত্র ৭টাহে। গগৈৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৮ শতাংশ। শিলচৰৰ বিজেপিৰ সাংসদ ডাঃ ৰাজদ্বীপ বয়ো বিৰোধী দলৰ সাংসদসকলতকৈ এই ক্ষেত্ৰত বহু পিছ পৰি আছে। বয়ে এতিয়ালৈকে ৩৩টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্রশ্ন উত্থাপন কৰিছে ৩১টা। তেওঁৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৮৬ শতাংশ। আনহাতে সংসদত ৮০ শতাংশ উপস্থিত থকা তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে বিগত সময়ছোৱাত ১৪টা বিতৰ্কত অংশ লৈছে আৰু ১০৪টা প্রশ্ন সুধিছে। ইফালে গুৱাহাটীৰ সাংসন কুইন ওজাই ২১টা বিতর্কত অংশ লৈছে আৰু প্ৰশ্ন সুধিছে ১১১ টা। তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭১ শতাংশ। সংসদৰ মজিয়াত বিতৰ্কত অংশগ্ৰহণ কৰা অথবা প্রশ্ন উত্থাপন কৰা এই দুয়োটা ক্ষেত্ৰতে ৰাজ্যখনৰ এইসকল সাংসদ ৰাষ্ট্ৰীয় গড়তকৈ বহু পিছপৰি আছে। ইফালে সপ্তদশ লোক সভাত উপস্থিতিৰ হাৰ কম হলেও ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে ২১টা বিতৰ্কত অংশ লৈছে আৰু ১৯১টা প্রশ্ন উত্থাপন কৰিছে৷ একেদৰে কৰিমগঞ্জৰ সাংসদ কৃপানাথ মান্নাই ৯টা বিতৰ্কত অংশ লোৱাৰ লগতে ২০০টা প্রশ্ন উত্থাপন কৰিছে। তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৬৩ শতাংশ। আনহাতে কংগ্ৰেছৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়েও ৬৫টা বিতর্কত অংশ লোৱাৰ বিপৰীতে প্রশ্ন উত্থাপন কৰিছে ১৭৪টা। সংসদত ৭১ শতাংশ উপস্থিত থকা গৌৰৱ গগৈয়ে আনকি দুখনকৈ প্রাইভেট মেম্বাৰ বিষ্যেক (ব্যক্তিগত বিধেয়ক) উত্থাপন কৰিছে। আনহাতে মঙলদৈ সমষ্টিৰ বিজেপি সাংসদ দিলীপ শ‍ইকীয়াই সাংসদ হোৱাৰ পাছত এতিয়ালৈকে ৩৪টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন সুধিছে। ২১৬টা। শ‍ইকীয়াৰ সংসদত উপস্থিতিৰ হাৰ হৈছে ৭৬ শতাংশ। কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই এই সময়ছোৱাত ২৬টা বিতর্কত অংশ লৈছে আৰু প্ৰশ্ন সুধিছে ১৫০টা। তেওঁৰ উপস্থিতিৰ হাৰ হৈছে ৭৭ শতাংশ। বৰপেটাৰ সাংসদ আব্দুল খালেকর উপস্থিতিৰ হাৰ ৰাজ্যৰ আন সাংসদসকলতকৈ অধিক তেওঁৰ সংসদত উপস্থিতিৰ হাৰ ৯১ শতাংশ হোৱাৰ বিপৰীতে এই সময়ছোৱাত ৫৭টা বিতৰ্কত অংশগ্রহণ কৰিছে। পাঁচখনকৈ প্রাইভেট মেম্বাৰ বিষেয়ক উত্থাপন কৰা খালেকে এই সময়ছোৱাত সোধা প্ৰশ্নৰ সংখ্যা হৈছে ২১৪টা। নগাঁও সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্রদ্যুৎ বৰদলৈকে বিগত চাৰি বছৰত ২৭টা বিতৰ্কত অংশ লোৱাৰ বিপৰীতে প্ৰশ্ন উত্থাপন কৰিছে ১৮৮টা। সংসদত ৮০ শতাংশ উপস্থিত থকা বৰদলৈয়ে দুখনকৈ প্ৰাইভেট মেম্বৰ বিষেয়কো উত্থাপন কৰিছে। স্বাভাবিকতে এতিয়া জনপ্রতিনিধিসকলৰ এনে ভূমিকাই ভবাই তুলিছে সাধাৰণ জনতাক । সাংসদ ৰূপে নির্বাচিত হৈ অহাৰ পাছত যদি সংসদৰ মজিয়াত নিজ ৰাজ্য তথা জাতি-মাটিৰ বাবে মাতেই নামাতে তেনেহ'লে এইসকল সাংসদৰ প্ৰয়োজন কি বুলিও প্রশ্ন উত্থাপন হৈছে।

No comments