Breaking News

কানাডাৰ শ্বপিং ম'লত জিলিকিছে চৰাইদেউৰ সোমেশ্বৰ ফুকন


ডিজিটেল ডেস্ক: 
চৰাইদেউ জিলাৰ বৰহাটৰ পশ্চিম নলবৰীয়া গাঁৱৰ এগৰাকী ব্যক্তিয়ে নিজৰ কৃচ্ছসাধনাৰ বলত তেওঁৰ আলোকচিত্ৰ সাত সাগৰ তেৰনদীৰ সিপাৰে সূদূৰ কানাডাৰ শ্বপিং ম'লত আজি জিলিকাই তুলিবলৈ সক্ষম হৈছে। আমেৰিকা, ইংলেণ্ড, জাৰ্মানী, অষ্ট্ৰেলিয়া, কানাডা আদিৰ লগতে দেশৰ উত্তৰাখণ্ড, ছট্টিশগড়, দিল্লী, কলকতা আদি ৰাজ্যৰ অগণন ভ্ৰমণকাৰীয়ে সঘনাই পদাৰ্পন কৰি অহা চৰাইদেউ জিলাৰ এক ভিতৰুৱা গ্ৰামাঞ্চলৰ এখন ঘৰ, যিখন ঘৰৰ মূৰব্বী সোমেশ্বৰ ফুকন নামৰ এগৰাকী ব্যক্তি। এই ব্যক্তি গৰাকীৰ আলোকচিত্ৰ কানাডাৰ একাধিক শ্বপিং ম'লত শেহতীয়া কৈ জিলিকি উঠিছে।  উত্তৰ পূব ভাৰতৰ ক্ষুদ্ৰ চাহখেতিৰ অন্যতম বাটকটীয়া তথা অসমৰ জৈৱিক চাহ খেতিক বিশ্বদৰবাৰলৈ লৈ যাবলৈ সক্ষম হোৱা এইগৰাকী কৰ্মোদ্যমী আজি পৃথিৱীৰ কেবাখনো দেশৰ বহুলোকৰ বাবে এক পৰিচিত চিনাকি নাম হৈ পৰিছে। কঠোৰ পৰিশ্ৰম, শৃংখলাবদ্ধতাৰে জীৱন যাপন কৰা ফুকনে যথেষ্ট কষ্টৰে জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰি আজি বিশ্ব দৰবাৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। অতি কষ্টকৰ প্ৰক্ৰিয়াৰে জৈৱিক পদ্ধতিৰে চাহ উৎপাদন কৰা সূত্ৰে আজি দেশী বিদেশী বহু লোকৰে মুখৰ হৈ থাকে তেওঁৰ ঘৰৰ চোতাল, আলহী চ'ৰা। তেওঁ লাভ কৰিছে দেশ বিদেশত বহু খ্যাতি, যশস্যা। ২৬ বছৰ বয়সত পিতৃৰ আকস্মিক বিয়োগ ঘটাৰ পাছত প্ৰতিষ্ঠিত চাহ কোম্পানীয়ে দপদপাই থকা অবিভক্ত শিৱসাগৰ জিলাত এক মৰসাহ কৰিয়েই ১৯৭৬ চনত দুবিঘা মাটিত তেওঁ প্ৰাৰম্ভিক অৱস্থাত চাহ খেতি কৰিবলৈ আৰম্ভ কৰিছিল আৰু আজিৰ তাৰিখত ৪০ বিঘালৈ সম্প্ৰসাৰণ কৰি এইগৰাকী ক্ষুদ্ৰ চাহ খেতিয়ক বৰ্তমান এগৰাকী আদৰ্শবান চাহ খেতিয়ক হৈ পৰাই নহয় জৈৱিক চাহ উৎপাদনৰে বিশ্ব দৰবাৰত নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছে। প্ৰাৰম্ভিক অৱস্থাত নিজৰ ক্ষুদ্ৰ চাহ বাগিচাখনত উৎপাদিত সমুদায় কেঁচা চাহপাত স্থানীয় বিভিন্ন বাগিচাৰ কলঘৰত বিক্ৰী কৰি অহা ফুকনে ২০০৪ চনৰ পৰা সম্পূৰ্ণ নিজা চিন্তা, পৰিকল্পনাৰে জৈৱিক চাহ উৎপাদন প্ৰক্ৰিয়াত নিয়োজিত হয়। তেওঁ জৈৱিক পদ্ধতিৰে কৰা চাহখেতিৰ উৎপাদিত অৰ্ধেক কেঁচা চাহপাত ঘৰত অৰ্গেনিক চাহ উৎপাদন কৰাৰ বিপৰীতে উৎপাদিত অন্য কেঁচা চাহপাত সমূহ স্থানীয় বৃহৎ চাহ ফেক্টৰীত নিয়মীয়াকৈ তেওঁ বিক্ৰী কৰি আহিছে। দুই পুত্ৰ সন্তান আৰু প্ৰায় ১১ গৰাকী শ্ৰমিকৰ সহায়ত জৈৱিক পদ্ধতিৰ খেতিৰে জৈৱিক চাহ উৎপাদন কৰা ফুকনে প্ৰতি বছৰে প্ৰায় ১৬/১৭ শ কেজি অৰ্গেনিক গ্ৰীণ টিৰ লগতে ব্লেক টি, তুলসী ফ্লেভাৰ টি, অপৰাজিতা ফুলৰ পৰা প্ৰস্তুত কৰা ব্লু টি নিয়মীয়াকৈ উৎপাদন কৰি আহিছে। ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ৰাজস্থান, দিল্লী আদিৰ উপৰি কানাডালৈকো নিয়মীয়াকৈ ফুকনে তেওঁৰ উৎপাদিত অৰ্গেনিক টি ৰপ্তানি কৰি আহিছে।  "জৈৱিক কৃষিৰ দ্বাৰা সৰ্বোকৃষ্ট খাদ্যৰ সন্ধান" শীৰ্ষক এখন গ্ৰন্থ ৰচনা কৰাৰ লগতে বিভিন্ন আলোচনীত নিয়মীয়াকৈ স্বাস্থ্য বিষয়ক লেখা মেলা কৰি অহা সোমেশ্বৰ ফুকন ইউনাইটেড অৰ্গেনিক স্মল ফাৰ্মাছ এণ্ড প্ৰডিউছাৰছ আছাম নামৰ সংগঠণটোৰ উত্তৰ পূৰ্বাঞ্চল আৰু অসমৰো অধ্যক্ষ হৈ কাৰ্যনিৰ্বাহ কৰি আহিছে। উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমত জৈৱিক পদ্ধতিৰে কৃষি কৰ্ম কৰি অহা কৃষক সকলক আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰখা অৰ্গেনিক স্মল টি গ্ৰ'ৱাৰ্চ এছ'ছিয়েছন ইণ্ডিয়াৰ চেয়াৰমেন সোমেশ্বৰ ফুকনে ইতিপূৰ্বে প্ৰায় বাৰ বছৰ কাল ৰাজ্যখনত ক্ষুদ্ৰ চাহ খেতিয়ক সকলক সাংগঠনিক দিশত শক্তিশালী কৰিবলৈ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাক সবল নেতৃত্ব দিছিল। অসমৰ অগণন নিবনুৱা যুৱকক চাহখেতিৰ বাবে আগ্ৰহী কৰি তোলাৰ লগতে জৈৱিক চাহখেতিৰ বাবে বিশেষ খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা সোমেশ্বৰ ফুকনক ভাৰতীয় চাহ ব'ৰ্ডে এগৰাকী সমল ব্যক্তি হিচাপে স্বীকৃতি প্ৰদান কৰিছে। জৈৱিক চাহখেতিৰ বাবে আন্তৰ্জাতিক পৰ্যায়ত খ্যাতি লাভ কৰা ফুকনৰ য়শৰাজ মাইক্ৰ' মিনি মডেল টি ফেক্টৰী নামৰ ব্যক্তিগত প্ৰতিষ্ঠানটি বৰ্তমান দেশী বিদেশী পৰ্যটকৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰিছে। এই ফেক্টৰীত তেওঁ প্ৰস্তুত কৰা বিভিন্ন ব্ৰেণ্ডৰ জৈৱিক চাহৰ পেকেট কানাডাৰ ব্যৱসায় প্ৰতিষ্ঠানে ক্ৰয় কৰি সেয়া তাৰ শ্বপিং ম'ল সমূহত যোগান ধৰিছে। এই প্ৰতিটো চাহৰ পেকেটত এটা প্ৰত্যয়জনক হাঁহিৰে জিলিকি আছে অসমৰ ক্ষুদ্ৰ চাহ খেতিৰ অন্যতম বাটকটীয়া সোমেশ্বৰ ফুকন।

No comments