Breaking News

এমালগামেটেড প্লান্টেচনৰ অসমৰ চাহ পৰ্যটনত গুৰুত্ব টাটা গ্ৰুপৰ


ডিজিটেল ডেস্ক:
টাটা গ্ৰুপৰ অধীনস্থ - এমালগামেটেড প্লান্টেচনছ প্রাইভেট লিমিটেড চমুকৈ এ বি পি এল এ এইবাৰ অসমৰ চাহ খণ্ডত পৰিসৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে নতুন পরিকল্পনা গ্ৰহণ কৰিছে । সেই অনুসৰি প্ৰতিষ্ঠানটোৱে অসমৰ চাহ পর্যটনক গুৰুত্ব প্রদানেৰে নিজৰ চাহ বাগিচাসমূহক পর্যটন খণ্ডৰ সহায় হোৱাকৈ আন্তঃগাঁথনি উন্নয়নৰ প্ৰকল্প হাতত লৈছে । ইতিমধ্যে অসম আৰু উত্তৰ বংগত থকা তিনিখন চাহ বাগিচাত পৰীক্ষামূলক প্রকল্পৰ নিৰ্মাণ প্ৰক্ৰিয়া আৰম্ভ কৰিছে প্রতিষ্ঠানটোৱে । উল্লেখ্য যে সম্প্রতি এমালগামেটেড প্লান্টেচনৰ ২১ খন চাহ বাগিচা আছে অসমত । এই সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বিক্রম সিং গুলিয়াই কয় যে অসমত থকা তেওঁলোকৰ চাহ বাগিচাত তিনিটা বাংলো নির্মাণৰ বাবে অসম চৰকাৰৰ পৰা পুঁজি লাভ কৰিবলৈ ইতিমধ্যে আবেদন দাখিল কৰা হৈছে । । এই আন্তঃগাঁথনি বিকাশত ব্যয় হোৱা পুঁজিৰ ৫০ শতাংশ আগবঢ়াব চৰকাৰে । উল্লেখ্য যে অসম চৰকাৰে চাহ বাগিচাৰ ৫ শতাংশ ভূমি অন্যান্য কামত ব্যৱহাৰ কৰিবলৈ অনুমতি প্রদান কৰিছে । সেইদৰে পশ্চিমবংগ চৰকাৰেও ২০১৯ চনত চাহ বাগিচাৰ ১৫ শতাংশ ভূমি চাহ পর্যটন আৰু অন্যান্য ব্যৱসায়ত ব্যৱহাৰ কৰিবলৈ অনুমতি প্রদান কৰিছে । 

No comments