Breaking News

ডেলাৱেৰৰ উইলমিংটনত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনৰ ঘৰত আমেৰিকাৰ ন্যায়িক বিভাগে এক নতুন তালাচীত গোপনীয় বুলি লিখা নথিৰ সৈতে আৰু ছটা সামগ্ৰী উদ্ধাৰ কৰে



ডিজিটেল ডেস্ক.. ডেলাৱেৰৰ উইলমিংটনত থকা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ বাইডেনৰ ঘৰত আমেৰিকাৰ ন্যায়িক বিভাগে  চলোৱা এক নতুন তালাচীত গোপনীয় বুলি লিখা নথিৰ সৈতে আৰু ছটা সামগ্ৰী উদ্ধাৰ কৰে । ৰাষ্ট্ৰপতিৰ অধিবক্তাই এই কথা কয় । ইয়াৰে কিছু গোপনীয় নথি আমেৰিকাৰ ছিনেট ত বাইডেনৰ কাৰ্যকালৰ সময়ৰ ( ১৯৭৩ চন পৰা ২০০৯ চনলৈ ) । ৰাষ্ট্ৰপতিৰ অধিবক্তা বব বাৱেৰে কয় । আনবোৰ নথি হৈছে ২০০৯ চনৰ পৰা ২০১৭ চনলৈ অ’বামা চৰকাৰক তেওঁ উপ - ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ৰ ।  বাৱেৰে কয় যে উপ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ৰ নথি আৰু কিছু গোপনীয় নথিৰ সন্ধানৰ বাবে সমগ্ৰ চৌহদত তালাচী চলাবলৈ ৰাষ্ট্ৰপতিয়ে অনুমতি দিছিল । তালাচীৰ সময়ত বাইডেন বা তেওঁৰ পত্নী তাত উপস্থিত নাছিল । উল্লেখযোগ্য যে বাইডেনে ৱাশিংটন ডিচিত বাইডেনে স্থাপন কৰা পেন বাইডেন চেণ্টাৰত ২ নৱেম্বৰত প্রথমখিনি গোপনীয় নথি জব্দ কৰা হৈছিল । দ্বিতীয়খিনি জব্দ কৰা হৈছিল উইলমিংটনত থকা বাইডেনৰ ঘৰৰ গেৰেজত । 

No comments