Breaking News

হোলোং গছৰ বেহা দিহিং - পাটকাইত চোৰাং বেপাৰীৰ বিৰুদ্ধে সেনাৰ অভিযান ‘



 ডিজিটেল ডেস্ক:হোলোং গছৰ বেহা দিহিং - পাটকাইত চোৰাং বেপাৰীৰ বিৰুদ্ধে সেনাৰ অভিযান ...নাহৰকটীয়াৰ  দিহিং - পাটকাইত কাঠৰ চোৰাং বেপাৰীৰ বিৰুদ্ধে সেনাৰ অভিযান ৷ অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমাত অৱস্থিত নামছাং শুকানজুৰি পথত শুকুৰবাৰে নিশা টহল দি থকা অৱস্থাত ভাৰতীয় সেনাৰ ১৮ নং গড়ৱাল ৰাইফলছ আৰু ইয়াৰ টিৰাপ জিলাৰ স্থানীয় প্রশাসনে এখন ক্ৰেনৰ সৈতে অবৈধ দিহিং - পাটকাইত চোৰাং বেপাৰীৰ বিৰুদ্ধে চোৰাং হোলোং গছৰ কুণ্ডাভৰ্তি আঠখন ট্রাক জব্দ কৰে । বন্যপ্রাণী সুৰক্ষা আইনৰ অধীনত ভাৰতীয় সেনাই জব্দ কৰা ৬২ টা কুণ্ডাৰ সহিতে ৮ খনকৈ ট্রাক আৰু ক্ৰেনখন দেওমালি ডিএফঅ'ক গতাই দিয়ে । দেওমালিৰ এডিচি বিশাখা যাদৱ আৰু ৰাজহ চক্ৰ বিষয়া ড ° বলবন কামলোৰ পৰা পোৱা তথ্য অনুসৰি জব্দ কৰা কাঠসমূহ এতিয়া বন বিভাগৰ দেওমালি সংমণ্ডলৰ জিম্মাত আছে । ভাৰতীয় সেনাৰ নৈশ টহলদাৰী দলটোৰ নেতৃত্বত কেপ্তেইন সুজ ৰায় আছিল বুলি অৰুণাচল প্ৰদেশৰ তথ্য আৰু জনসংযোগ বিভাগে জানিবলৈ দিছে । তাৎপর্যপূর্ণ বিষয়টো হৈছে ২৯ ডিচেম্বৰত দিহিং - পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জয়পুৰ বনাঞ্চলৰ শুকানজুৰি খণ্ড বন বিভাগৰ অন্তৰ্গত হুগৰীপথাৰ এলেকাৰ পৰা বনদস্যুয়ে ২০ জোপাকৈ বৃহৎ আকাৰৰ হোলোং গছ কাটি অৰুণাচলৰ ফালে লৈ গৈছিল । ইয়াৰ পিছতেই জয়পুৰ বন বিভাগে তিনিজনকৈ অৰুণাচলী চোৰাং কাঠ বেপাৰীক তিনিটা ৰাইফলসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । গ্ৰেপ্তাৰ হোৱা তিনি বনদস্যুৰ স্বীকাৰোক্তিৰ ভিত্তিত শুকানজুৰি বনখণ্ডৰ খণ্ড বন বিষয়া জড়িত থকাৰ কথাও পোহৰলৈ আহিছিল । বইফালে জয়পুৰ বনাঞ্চলৰ পৰা হোলোং গছ কাটি অৰুণাচললৈ নি কুণ্ডাভর্তি ট্রাক লুকুৱাই ৰখাৰ বাতৰি ইতিমধ্যে কাকতত প্ৰকাশ হৈছিল যদিও তাৰ পিছতেই ভাৰতীয় সেনাই আঠখনকৈ কুণ্ডাভর্তি ট্রাক জব্দ কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে । কিয়নো জয়পুৰ বনাঞ্চলৰ পৰা কাটি নিয়া কুণ্ডাভর্তি ট্রাক অৰুণাচলৰ সীমাৰ ভিতৰত লুকুৱাই ৰখা হৈছে বুলি ডিব্ৰুগড় বন সংমণ্ডলৰ ডিএফঅ’ক ফটোৰে সৈতে জনোৱা হৈছিল যদিও আন্তঃৰাজ্যিক বিষয় বুলি অসমৰ বন বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল ।

No comments