Breaking News

ড্ৰাগ্‌ছৰ বেজীৰে পিতৃক সংজ্ঞাহীন কৰি লুটি নিলে ধন পুত্ৰই



ডিজিটেল ডেস্ক: মহানগৰীত  ড্ৰাগ্‌ছৰ বেজীৰে পিতৃক সংজ্ঞাহীন কৰিপুত্ৰই লুটি নিলে ধন.... । এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ নুনমাটি থানাৰ অন্তৰ্গত বাপুজীনগৰৰ নাথপাৰাত । বুল দাস নামৰ লোকজনে দিন হাজিৰা কৰি পাঁচজনীয়া দৰিদ্ৰ পৰিয়ালটোক পোহপাল দি বেংকত জমা কৰি ৰখা ৩.৫০ লাখ টকা নিজৰ চিকিৎসাৰ বাবে বুল দাসে  ১৮ জানুৱাৰীত উলিয়াই আনি ঘৰত ৰাখিছিল । ড্ৰাগ্‌ছ আসক্ত বিবাহিত পুত্ৰ ৰাহুল আলীয়ে পিতৃয়ে ঘৰত ৩.৫০ লাখ টকা জমা কৰি ৰখা বুলি জানি শুই থকা অৱস্থাত পিতৃক ৰাহুল আলীয়ে ড্ৰাগছৰ বেজি মাৰি সংজ্ঞাহীন কৰি নগদ ৩.৫০ লাখ টকা লুট কৰি পত্নীৰ সৈতে ঘৰৰ পৰা পলায়ন কৰে । ইপিনে , মাতৃ চাহাৰা বেগমে দিন হাজিৰা কৰি ঘৰলৈ উভতি আহি স্বামী বুল দাস সংজ্ঞাহীন অৱস্থাত পৰি থকা দেখা পাই চিঞৰ - বাখৰ লগায় । দুদিন ধৰি পত্নী চাহাৰা বেগমে বিভিন্ন চিকিৎসা সেৱা আগবঢ়াই স্বামী বুল দাসক সুস্থ কৰি তোলে ।  ৩.৫০ লাখ টকা লুট কৰি নিয়া বুলি জানিব পাৰি  জ্ঞান হেৰুৱাই মঠঘৰীয়াৰ ৰে’ল লাইনৰ সমীপত এডাল গছত চিপ লৈ আত্মহত্যা কৰে । নুনমাটি আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে । ঘটনা সন্দৰ্ভত মাতৃ চাহাৰা বেগমে পুত্ৰ ৰাহুল আলীৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰ দাখিল কৰে । এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি পলাতক ৰাহুল আলীক বিচাৰি তীব্র অভিযান চলাই আছে... ৰাহুল আলী মৰিগাঁও জিলাত আত্মগোপন কৰি থকা বুলি নুনমাটি থানাৰ আৰক্ষীয়ে তথ্য লাভ কৰিছে ।

No comments